অসম

assam

ETV Bharat / state

হাগ্ৰামা যদি বিটিচিত তিনিবাৰ মুৰব্বী হ’ব পাৰে আন কিয় নোৱাৰে : বিশ্বজিৎ দৈমাৰী - কোকৰাঝাৰ

বিজেপিত যোগ দিয়েই বিশ্বজিৎ দৈমাৰীৰ দাবী বিটিচিত চৰকাৰ গঠন কৰিব বিজেপিয়ে ৷ বিপিএফৰ শাসনকালত সাধাৰণ ৰাইজৰ উন্নয়ন হোৱা নাই, ঠিকাদাৰ সকলৰহে উন্নয়ন হৈছে হৈছে বুলি মন্তব্য ন-বিজেপি বিশ্বজিৎ দৈমাৰীৰ ৷

বিশ্বজিৎ দৈমাৰী
hagrama

By

Published : Nov 27, 2020, 1:43 PM IST

কোকৰাঝাৰ, 27 নৱেম্বৰ : ‘‘বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিব আৰু চৰকাৰ গঠন কৰিব ৷ লগতে কোকৰাঝাৰত বিজেপিৰ সকলো প্ৰাৰ্থীয়ে জিকিব’’ ৷ এই মন্তব্য কৰিছে ন-বিজেপি নেতা বিশ্বজিত দৈমাৰীয়ে ৷ বুধবাৰে কোকৰাঝাৰ চহৰস্থিত বিজেপিৰ জিলা কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত দৈমাৰীয়ে কয় যে, ‘‘আমি জনসাধাৰণৰ যিখিনি আৱেগ দেখা পাইছো তাৰ পৰিপ্ৰেক্ষিতত বিটিচি নিৰ্বাচনৰ ছবিখন আগন্তুক পাচঁদিনত সলনি হৈ যাব ৷ নিৰ্বাচনত প্ৰাৰ্থী সকলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হ’ব ৷ কিন্তু যিহেতু বিজেপি দলে বিটিচিৰ জনসাধাৰণৰ উন্নয়নৰ দায়িত্ব ল’বলৈ আগবাঢ়ি আহিছে তাৰ বাবে এটা বিকল্পৰ সন্ধানত থকা বিটিচিৰ জনসাধাৰণে নিজৰ বিভিন্ন ধৰণৰ সমস্যা সমূহ ভাৰতীয় জনতা পাৰ্টীয়ে সমাধানসূত্ৰ উলিয়াৱ বুলি বিশ্বাস কৰিছে ৷ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি কোৱাৰ লগে লগে বিটিচিবাসী ৰাইজে সন্ধান কৰি থকা বিকল্প শক্তিটো পাইছে ৷ তদুপৰি বিজেপি দলেই বিটিচিবাসী সকলো শ্ৰেণীৰ জাতি-জনগোষ্ঠীৰ সমস্যাৰাজি সমাধানৰ দায়িত্ব ইতিমধ্যে লৈছে’’ ৷

বিশ্বজিৎ দৈমাৰী

এইবাৰ বিটিচিত বিজেপিয়ে পৰিষদীয় চৰকাৰ গঠন কৰিব বুলি দাবী কৰি বিজেপি নেতা দৈমাৰীয়ে লগতে কয় যে, বিপিএফৰ শাসন কালছোৱাত পৰিষদীয় অঞ্চলটোৰ বাসিন্দা সকলে বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি আৰু সা-সুবিধাৰ পৰা বঞ্চিত হৈছে বুলি অনুভৱ কৰিছে ৷ তাৰবাবেই বিজেপি দলক আঁকোৱালি লৈছে ৷ একালত বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ উপদেষ্টা হোৱাৰ উপৰিও বিপিএফ দলৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰা বিশ্বজিৎ দৈমাৰীয়ে বিপিএফ দলক ক্ষুৰধাৰ সমালোচনা কৰে ৷ বিগত সোতৰ বছৰে বিপিএফ দলে জনসাধাৰণৰ সৈতে সম্পৰ্ক থকা কোনো ধৰণৰ পৰিকল্পনা গ্ৰহণ কৰা নাই ৷ ৰাইজৰ উন্নয়নৰ বাবে যেনে ধৰণৰ আচঁনি প্ৰস্তুত কৰিব লাগিছিল তেনেধৰণৰ কোনো আচঁনি প্ৰস্তুত কৰি উলিয়াব নোৱাৰিলে বুলি অভিযোগ তোলে বিশ্বজিৎ দৈমাৰীয়ে ৷

এক হাজাৰ কোটি টকাৰে বিটিচিৰ প্ৰতিখন গাঁৱত বহুখিনি উন্নয়নমূলক কাম-কাজ কৰিব পৰা গ’লহেতেন ৷ তদুপৰি কেন্দ্ৰৰ পৰা অহা উন্নয়নমূলক আঁচনিৰ ধন বিপিএফ দলে অৱজ্ঞা কৰিছে ৷ ২০১৬ চনত কেন্দ্ৰৰ পৰা চাৰিশ একৈশ কোটি টকাৰ আৰ্থিক সাহাৰ্য লাভ কৰিছিল যদিও ব্যৱহাৰিক প্ৰমাণপত্ৰ (ইউচি) প্ৰদান কৰিব নোৱাৰাত ২০১৬ চনৰ পৰা ২০১৯ চনলৈ বিটিচি পৰিষদীয় চৰকাৰে কেন্দ্ৰৰ পৰা এনেধৰণৰ আৰ্থিক সাহাৰ্যৰ পৰা বঞ্চিত হৈ আছে ৷ কিয়নো ৰাইজৰ উন্নয়নৰ নামত অহা উক্ত বৃহৎ পৰিমানৰ ধনৰাশি বিটিচিৰ শাসক গোষ্টীয়ে নিজৰ ইচ্ছামতে চিধাচিধিকৈ ব্যৱহাৰ কৰাত নানা ধৰণৰ খেলিমেলিৰ সৃষ্টি হৈছে ৷ আনপিনে বিপিএফৰ শাসন কালছোৱাত হাগ্ৰামাৰ সৈতে সোঁৱে-বাওঁৱে থকা ঠিকাদাৰ, নগন্য সংখ্যক অনুগামী সকলৰ অট্টালিকা,মাটিবাৰী আৰু বিত্তশালী হৈছে যদিও সাধাৰণ ৰাইজৰ অৱস্থাৰ কোনো পৰিৱৰ্তন নহ’ল বুলিও দাবী কৰে দৈমাৰীয়ে ৷

চাকৰি,ঠিকা-ঠুকলি আদি কোনো এটা কাম পইচা নিদিয়াকৈ বিপিএফৰ চৰকাৰৰ দিনত সম্পন্ন হোৱা নাছিল বুলি বিস্ফোৰক অভিযোগ কৰি বিশ্বজিৎ দৈমাৰীয়ে বিকল্পৰ সন্ধানত থকা বিজেপি দলক বিটিচিবাসী ৰাইজে এতিয়া আন্তৰিকতাৰে গ্ৰহণ কৰিছে বুলি মত ব্যক্ত কৰে ৷ বিজেপি দলে বিটিচিত বিশ্বজিত দৈমাৰীক মুখ্যকাৰ্যবাহী হিচাপে প্ৰক্ষেপ কৰিব বুলি আশা কৰিয়েই বিপিএফ ত্যাগ কৰি বিজেপিত যোগদান কৰা দৈমাৰীৰ সপোন পূৰণ নহ’ব বুলি বিপিএফ দলৰ কেইবাগৰাকীও শীৰ্ষ নেতাই প্ৰদান কৰা ভাষ্যৰ ওপৰত প্ৰতিক্ৰিয়া জানিব বিচৰাত দৈমাৰীয়ে কোৱা মতে দলে তেওঁক কি দায়িত্ব ন্যস্ত কৰে সেয়া আন্তৰিকতাৰে গ্ৰহণ কৰিব ৷ অকল মুখ্যকাৰ্যবাহী কিয় বিজেপিৰ সাধাৰণ কৰ্মী হিচাপেও কাম কৰি যাবলৈ প্ৰস্তুত আছে বুলি কয় দৈমাৰীয়ে ৷

হাগ্ৰামা যদি বিটিচিত তিনিবাৰ মুৰব্বী হ’ব পাৰে আন কিয় নোৱাৰে : বিশ্বজিৎ দৈমাৰী

ইপিনে দৈমাৰীয়ে বিপিএফ নেতৃবৰ্গলৈ প্ৰশ্ন উত্থাপন কৰি কয় যে যদি বিপিএফৰ নেতা কৰ্মীৰ গাড়ী-ঘোঁৰা, মাটি-বাৰী হৈছে আন দলৰ হ’ব নেলাগে নেকি ৷ বিপিএফৰ উপসভানেত্ৰী তথা ৰাজ্যৰ সমাজ কল্যাণমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই বিশ্বজিত দৈমাৰীৰ ওপৰতো তদন্ত হ’ব লাগে, মানুহ গাড়ী পঠিয়াই বিপিএফৰ কৰ্মী সকলৰ ওপৰত হাৰাশাস্তি কৰিছে বুলি অনা অভিযোগ সন্দৰ্ভত পুনৰ সাংবাদিকে জানিব বিচৰাত দৈমাৰীয়ে কয় যে, মোৰ ওপৰত যদি কিবা তদন্ত কৰিব লাগে কোনো বাধা নাই ৷ তদন্ত কৰিব পাৰে ৷ বিপিএফৰ কোনো নেতা কৰ্মীক হাৰাশাস্তি কৰা নাই ৷ আহবানহে জনোৱা হৈছে ৷ তেনেদৰে বড়ো কছাৰী কল্যাণ শায়ত্ব শাসিত পৰিষদৰ লগতে বিশ্বনাথ আৰু শোণিতপুৰ জিলাবাসী বড়ো সকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ বাবে বিপিএফ দলক বিটিচিৰ বহিৰ্ভূত বড়ো ৰাইজে প্ৰত্যাখ্যান কৰি বিজেপি দলক আঁকোৱালি লৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে বিশ্বজিত দৈমাৰীয়ে ৷

উল্লেখ্য যে কা ২৭ নৱেম্বৰত অসমৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰত বিজেপি দলৰ বিটিচি পৰিষদীয় নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰাৰ লগতে দোতমাৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাতো অংশগ্ৰহণ কৰিছে ৷

লগতে পঢ়ক :এহাজাৰ কেডাৰক লগত লৈ UPPLত যোগদান NDFBৰ শীৰ্ষ নেতাৰ

ABOUT THE AUTHOR

...view details