কোকৰাঝাৰ নাগৰিক সমাজৰ উদ্য়োগত প্ৰতিবাদী সমদল কোকৰাঝাৰ, ২৪ জানুৱাৰী: অহা ৩১ জানুৱাৰীৰ পৰা কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত উপলব্ধ সকলো সেৱা মেডিকেল কলেজত উপলব্ধ কৰাটো নিশ্চিত কৰিবলৈ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিঙে নিৰ্দেশ প্ৰেৰণ কৰাৰ পিছতেই আৰম্ভ হৈছে প্ৰতিবাদ (Rupnath Brahma Civil Hospital) । কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক হাস্পতাল স্থানান্তৰণক লৈ ষষ্ঠ দিনাও প্ৰতিবাদ অব্যাহত ৷ নাগৰিক সমাজৰ প্ৰতিবাদী সমদল কাৰ্যসূচীত উত্তাল হৈছে কোকৰাঝাৰ (Govt order to relocate RNB civil hospital) ৷
কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম (আৰ এন বি) অসামৰিক চিকিৎসালয়ক কোকৰাঝাৰ মেডিকেল কলেজলৈ স্থানান্তৰিত কৰাক লৈ ৰাইজে অব্যাহত ৰাখিছে প্ৰতিবাদ (Medical College in Kokrajhar) ৷ মঙলবাৰেও অব্যাহত আছে ৰাইজৰ তীব্ৰ প্ৰতিবাদ (Public protest against relocate RNB civil hospital)৷ কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ক স্থানান্তৰিত কৰাৰ চৰকাৰৰ হঠকাৰী সিদ্ধান্তক তৎকালে বাতিলৰ দাবী জনাইছে ৰাইজে । ১৯৫৪ চনতে স্থাপন হোৱা কোকৰাঝাৰৰ ঐতিহ্যমণ্ডিত চিকিৎসালয়খনক একেস্থানতে বাহাল ৰখাৰ দাবীত আজি কোকৰাঝাৰৰ ৰাজপথ ৰাইজে বিশাল প্ৰতিবাদী সমদলৰে উত্তাল কৰে ।
কোকৰাঝাৰ নাগৰিক সমাজৰ উদ্য়োগত এই প্ৰতিবাদী সমদল উলিওৱা হয় ৷ কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ সন্মুখৰ পথৰ পৰা উলিওৱা প্ৰতিবাদী সমদলত হাতে হাতে প্লেকাৰ্ড লৈ শ শ পুৰুষ, মহিলাই অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদকাৰীসকলে আৰ এন বি চিকিৎসালয় বাহাল ৰখাৰ দাবীত বিভিন্ন শ্ল'গানৰে কোকৰাঝাৰ চহৰৰ পৰিবেশ উত্তাল কৰি তোলে ৷
ইপিনে,কোকৰাঝাৰৰ ৰাজপথত উত্তাল সমদল কৰাৰ অন্তত নাগৰিক সমাজে চিকিৎসালয়খন পুৰ্বৰ ঠাইতে বাহাল ৰখাৰ দাবীত এক স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷ নাগৰিক সমাজৰ প্ৰতিবাদী সমদল কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী তথা বিপিএফৰ জেষ্ঠ নেত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম আৰু বিপিএফৰ পাৰিষদ দনেশ্বৰ গয়াৰীয়েও অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ,মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই কোকৰাঝাৰ আৰ এন বি অসামৰিক চিকিৎসালয়খন অসামৰিকৰ সলনি এতিয়া আৰ এন বি চিকিৎসালয় হিচাপে উক্ত স্থানতেই থাকিব বুলি স্পষ্ট কৰি দিছে ৷ ইয়াৰ পিছতো বিভিন্ন দল- সংগঠনসহ ৰাইজে চিকিৎসালয়খনক পূৰ্বৰ দৰে আৰ এন বি অসামৰিক চিকিৎসালয় হিচাপে বাহাল ৰখাৰ দাবী জনাইছে ৷
লগতে পঢ়ক:RNB civil hospital: ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় স্থানান্তৰৰ নিৰ্দেশত অসন্তুষ্ট কোকৰাঝাৰবাসী