অসম

assam

ETV Bharat / state

কোকৰাঝাৰত চৰকাৰলৈ বাট নেচায় ৰাইজে নিৰ্মাণ কৰিলে পথ

নিৰ্বাচনৰ আগেয়েই গাঁওখনৰ ৰাস্তা ঘাট নিৰ্মাণ কৰি দিয়ক অন্যথা লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰা হ'ব ৰাইজৰ সিদ্ধান্ত

কোকৰাঝাৰত চৰকাৰলৈ বাট নেচায় ৰাইজে নিৰ্মাণ কৰিলে পথ

By

Published : Apr 12, 2019, 8:19 AM IST

কোকৰাঝাৰ,১১ এপ্ৰিলঃ কোকৰাঝাৰ কমলাচৰা গাঁৱৰ ৰাইজে নিজেই নিজৰ পথ নিৰ্মাণ কৰিলে। ক্ষুব্ধ হৈ ভোট বৰ্জনৰ হুমকা ৰাইজৰ।

কোকৰাঝাৰত চৰকাৰলৈ বাট নেচায় ৰাইজে নিৰ্মাণ কৰিলে পথ

উল্লেখ্য যে কোকৰাঝাৰ সদৰ চহৰৰ পাঁচ কিলোমিটাৰ দুৰত্বত অৱস্থিত কমলাচৰা গাঁৱখন। বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন সময়ত মডেল বিটিচি গঢ়াৰ কথা কৈ আহিছে যদিও কোনো উন্নয়ণৰ আঁচনিয়ে ঢুকি পোৱা নাই উক্ত গাঁৱখন । অৱশেষত, চৰকাৰ তথা ৰাজনৈতিক দলৰ প্ৰতি আস্থা নাৰাখি নিজৰ হাতৰ ধন খৰচ কৰি ওলাই আহিল পথ নিৰ্মাণ কৰিবলৈ । তিনি শতাধিক পৰিয়ালৰ পৰা দুশ টকাকৈ সংগ্ৰহ কৰি ট্ৰেক্টৰ লগাই হাতে-হাতে বেলচা,কোৰ লৈ নিজেই নিৰ্মাণ কৰিলে পথ। বিধায়ক নৱ শৰণীয়া আৰু প্ৰমীলা ৰাণী ব্ৰহ্মইও যোৱা নিৰ্বাচনৰ সময়ত পথটো নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে দুয়োজন ৰাজনৈতিক নেতাই। সেয়ে ৰাইজৰ সিদ্ধান্ত নিৰ্বাচনৰ আগেয়েই গাঁওখনৰ ৰাস্তা ঘাট নিৰ্মাণ কৰি দিয়ক অন্যথা লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

...view details