কোকৰাঝাৰ, ১ জুলাই : কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহ বিটিআৰত সফলভাৱে ৰূপায়ণ হৈছে নে নাই সেয়া পৰ্যবেক্ষণ কৰিবলৈ অসম বিধানসভাৰ ছয়জনীয়া (Six Member Assam legislative party visited BTR ) পাব্লিক একাউণ্টছ কমিটিৰ (Public Account Committee) এটি দলে আজি কোকৰাঝাৰ জিলা পৰিদৰ্শন কৰে । কোকৰাঝাৰ জিলাৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টি ক্ৰমে কোকৰাঝাৰ পূব বিধানসভা সমষ্টি, কোকৰাঝাৰ পশ্চিম বিধানসভা সমষ্টি আৰু গোসাঁইগাঁও বিধানসভা (Visited three assembly constituency of Kokrajhar) সমষ্টিৰ প্ৰায় ২৮টাকৈ চৰকাৰী আঁচনিৰ কাম-কাজৰ বুজ লয় দলটোৱে ।
উল্লেখ্য যে আজি পিএ চিৰ এই ছয়জনীয়া বিধায়িনী দলটিক নেতৃত্ব দিয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ওৱাজেদ আলি চৌধুৰীয়ে (Legislative party led by Congress leader Wajed Ali Chaudhary) ৷ দলটিত থকা আন আন সদস্যসকল হৈছে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা (MLA Ramendra Narayan Kalita), মঙলদৈৰ বিধায়ক বসন্ত দাস (MLA Basanta Das), দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী (MLA Bhabendra Nath Bharali), বিলাসীপাৰা সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ (MLA Hafiz Basir Ahmed) আৰু ওদালগুৰিৰ বিধায়ক গোবিন্দ বসুমতাৰী (MLA Govinda Basumotary) ৷