কোকৰাঝাৰ, 2 জানুৱাৰী :নৱবৰ্ষৰ পহিলা দিনাই বিটিআৰৰ স্বাস্থ্য বিভাগে এক উল্লেখনীয় পদক্ষেপ হাতত লৈছে ৷ শনিবাৰে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চৌহদত এখন ৰোগমুক্ত বিটিআৰ গঠনৰ লক্ষ্যৰে বিটিআৰৰ স্বাস্থ্য বিভাগে ৰোগ নিৰ্মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে (BTR health department launched Disease Eradication Programmes) ৷ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যৱাহী সদস্য অৰূপ কুমাৰ দে'ই ৷
এই কাৰ্যসূচীত উপস্থিত থাকি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অৰূপ কুমাৰ দে'-এ কয় যে, শীঘ্ৰে বিটিআৰৰ প্ৰতিখন জিলাত জ্যেষ্ঠ নাগৰিকসকলক ৰোগ নিৰ্মূল বিটিআৰ গঠনৰ উদ্দেশ্যৰে বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হ'ব (Providing free medical care at Kokrajhar) ৷