কোকৰাঝাৰ ২১ জানুৱাৰী :আদিবাসী জনগোষ্ঠীৰ সামাজিক সংগঠন আদিবাসী ছেংগেল অভিযানৰ উদ্যোগত বৃহস্পতিবাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ আদিবাসী জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷
ইয়াৰে অংশ হিচাপে বিটিআৰৰ সদৰ কোকৰাঝাৰতো সংগঠনটোৰ আহ্বানত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ আদিবাসী ছেংগেল অভিযানৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত কোকৰাঝাৰ চহৰৰ শিশু উদ্যানৰ সমীপত উক্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷
প্ৰতিবাদত সংগঠনটোৰ শতাধিক পুৰুষ-মহিলা কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ আদিবাসী জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰক, আমাৰ দাবী ন্যায্য দাবী আদি শ্লো'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷
জনজাতিকৰণৰ দাবীত আদিবাসী ছেংগেল অভিযানৰ প্ৰতিবাদ প্ৰতিবাদস্থলীৰ পৰা আদিবাসী ছেংগেল অভিযানৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি সত্যনাথ টুডুৱে সাংবাদ মাধ্যম সম্বোধন কৰি কয়, আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে আজিৰ অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷ পশ্চিম বংগ, উৰিষ্যা, ঝাৰখাণ্ড আদি ৰাজ্যত আদিবাসী সকলক জনজাতিৰ মৰ্যদা প্ৰদান কৰা হৈছে ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে জনজাতিৰ মৰ্যদাৰ পৰা অসমৰ আদিবাসী সকল আজিও বঞ্চিত হৈ আছে বুলি সত্যনাথ টুডুৱে সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰে ৷
উল্লেখ্যে যে, অহা 31 জানুৱাৰীৰ ভিতৰত অসমৰ আদিবাসী সকলক জনজাতিকৰণৰ বাবে চৰকাৰে যদি কোনো পদক্ষেপ গ্ৰহণ নকৰে তেন্তে ৰেল পথ অৱৰোধ, ৰাষ্ট্ৰীয় পথ অৱৰোধৰ দৰে কাৰ্যসূচী আদি গ্ৰহণ কৰিব বুলি হুংকৰা দিয়ে আদিবাসী ছেংগেল অভিযানে ৷
লগতে পঢ়ক: নগাঁও আৰক্ষীৰ জালত নিষিদ্ধ হেৰ'ইনসহ দুই সৰবৰাহকাৰী