কোকৰাঝাৰ, 23 অক্টোবৰ :বিগত কেইমাহমান পূৰ্বে ৰাজনৈতিক প্ৰেক্ষাপটত ভাৰত-বাংলাদেশৰ মাজত এক সু-সম্পৰ্ক থকা পৰিলক্ষিত হৈছিল ৷ কিয়নো বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতৰ প্ৰধানমন্ত্ৰী প্ৰমুখ্যে ভাৰত চৰকাৰৰ একাংশ উচ্চপদস্থ বিষয়ালৈ প্ৰেৰণ কৰিছিল আমৰ কেইবাটাও টুকুৰী ৷ কিন্তু ইমানৰ পিছতো যেন বাংলাদেশত থকা হিন্দুসকল সুৰক্ষিত নহয় ৷ উক্ত লোকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত তাৰতম্য ঘটা বুলি বিগত দুৰ্গা পূজাৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাই যেন প্ৰতিফলিত কৰে ৷ এই অনাকাংক্ষিত ঘটনা সম্প্ৰতি সকলোৰে জ্ঞাত ৷
এই ঘটনাৰ পিছতে প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ দেশ ৷ বাংলাদেশত হিন্দুৰ ওপৰত চলা আক্ৰমণৰ বিৰুদ্ধে ৰাজ্যতো চলিছে প্ৰতিবাদ ৷ কোকৰাঝাৰতো এনে অমানৱীয় আক্ৰমণ আৰু অত্যাচাৰৰ বিৰুদ্ধে শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদৰ অসম ৰাজ্যিক সমিতিয়ে ৷ কোকৰাঝাৰ চহৰৰ সুভাষপল্লিস্থিত মহেশ মন্দিৰ প্ৰাংগণত পৰিষদৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচীখনি ৰূপায়ণ কৰা হয় ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত বাংলাদেশত হিন্দু লোকৰ ওপৰত চলোৱা আক্ৰমণ আৰু অত্যাচাৰক তীব্ৰ নিন্দা দি সংগঠনটোৰ নেতা কৰ্মীসকলক "বাংলাদেশ চৰকাৰ হুঁচিয়াৰ, হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, সংখ্যালঘু হিন্দুৰ ওপৰত অত্যাচাৰ কৰা নচলিব, বাংলাদেশ চৰকাৰ হায় হায়, আৰ জে পি জিন্দাবাদ, ভাৰত মাতা কি জয়, জয় শ্ৰীৰাম" আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷