কোকৰাঝাৰ,৪ নৱেম্বৰ: বিটিআৰৰ মুখ্য প্ৰশাসনিক তথা সদৰ চহৰ কোকৰাঝাৰৰ পৰা মাথোঁ ৫-৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত চৰাইখোলা-ছালাকাটি সংযোগী বিধ্বস্ত গড়কাপ্তানি পথৰ দুৰৱস্থাই স্থানীয় জনসাধাৰণক যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভোগাইছে ৷ যাৰ বাবে শুকুৰবাৰে স্থানীয় অঞ্চলবাসী বাসিন্দা সকলে বাধ্য হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব লগা হ’ল(Bad condition of road) ৷ প্ৰতিবাদী ৰাইজে পথ অৱৰোধ আৰু এনটিপিচিৰ ছাই কঢ়িওৱা যান-বাহন আৱদ্ধ কৰি উক্ত পথচোৱা পুনৰ নিৰ্মাণৰ বাবে সজোৰে দাবী উত্থাপন কৰিছে ৷
সংবাদ মাধ্যমৰ আগত প্ৰতিবাদী ৰাইজে জানিবলৈ দিয়ে যে অতি ব্যস্ত চৰাইখোলা-ছালাকাটি সংযোগী গড়কাপ্তানি পথটোৰ অৱস্থা অতি ভয়ানক হৈ পৰিছে(Protest in kokrajhar demanding redevelopment of road) ৷ বিশেষকৈ ছালাকাটিস্থিত এনটিপিচিৰ পৰা দিনে-নিশাই বৃহৎ বৃহৎ বাৰচকীযা, চৈধ্য চকীয়া আৰু ষোল্লচকীয়া ট্ৰাকসমূহে এনটিপিচিৰ অৱশিষ্ট ছাই তথা আন সা-সামগ্ৰী কঢ়িয়াই নিয়াৰ ফলত পকী পথটো জৰাজীৰ্ণ ৰূপ ধাৰণ কৰি প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ৷