অসম

assam

ETV Bharat / state

অসম-বংগ সীমান্তত এন আৰ চিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ বিশাল ৰেলী - ৰাষ্ট্ৰীয় পথ অৱৰোধ

তৃণমূল কংগ্ৰেছে এন আৰ চিৰ বিৰুদ্ধে হাতত লৈছে আন্দোলনৰ কাৰ্যসূচী ৷ নাগৰিকপঞ্জী বংগত কৰিব নোৱাৰাৰ উদ্দেশ্যৰে এই অংশ গ্ৰহণ কৰে আন্দোলনৰ কাৰ্যসূচী

অসম-বংগ সীমান্তত এন আৰ চিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ বিশাল ৰেলী

By

Published : Sep 9, 2019, 4:24 PM IST

গোঁসাইগাঁও, 9 চেপ্তেম্বৰ : অসমত এন আৰ চি চূড়ান্ত হোৱাৰ পাচত আন্দোলত কঁপি উঠিছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগ । তৃণমূল কংগ্ৰেছে এন আৰ চিৰ বিৰুদ্ধে হাতত লৈছে আন্দোলনৰ কাৰ্যসূচী । অসমৰ দৰে পশ্চিমবংগত এন আৰ চিৰ নামত ভাৰত চৰকাৰে প্ৰকৃত নাগৰিকক হাৰাশাস্তি কৰিব নোৱাৰে আৰু নাগৰিকপঞ্জী বংগত কৰিব নোৱাৰাৰ উদ্দেশ্যৰে এই অংশ গ্ৰহণ কৰে আন্দোলনৰ কাৰ্যসূচী ৷ আজি আলিপুৰদুৱাৰ জিলা তৃণমূল কংগ্ৰেছৰ শীর্ষ নেতা কর্মীৰ উদ্যোগত সীমান্তৱৰ্তী এলেকা বাৰ ভিশাত বিশাল সমদল কৰাৰ লগতে ৰাষ্ট্ৰীয় পথত সভা অনুষ্ঠিত কৰে । উক্ত সভাত অলিপুৰদুৱাৰ তৃণমূল কংগ্ৰেছৰ জিলা সভাপতি অভিজিত বৰুৱা, সাংসদ দশৰথ তিৰ্কী উপস্থিত থাকে । প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিৰ বিৰুদ্ধে শ্ল’গানেৰে উত্তাল কৰে ৰাষ্ট্ৰীয়পথ । ভাৰত চৰকাৰে এন আৰ চিৰ নাম লৈ অসমত 19 লাখ লোকক বিভিন্ন প্ৰকাৰে অধিকাৰৰ পৰা বঞ্চিত কৰাৰ লগতে হাৰাশাস্তি দিয়াৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।

অসম-বংগ সীমান্তত এন আৰ চিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ বিশাল ৰেলী

ABOUT THE AUTHOR

...view details