অসম

assam

ETV Bharat / state

কোকৰাঝাৰত মহিলাৰ বিৰুদ্ধে অনৈতিক কাৰ্যকলাপৰ প্ৰতিবাদ - কোকৰাঝাৰ টেঙাপাৰাস্থিত বিএছইউৰ মুখ্য কাৰ্যালয়

কোকৰাঝাৰ জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে মহিলাৰ ওপৰত অনৈতিক কাৰ্যকলাপ ৷ ঘৰত অকলে থকা মহিলাৰ ওপৰত দুষ্টচক্ৰই লক্ষ্য কৰি অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ খবৰ সমগ্ৰ জিলাতে বিয়পি পৰিছে ৷ এই লৈ কোকৰাঝাৰত বহুকেইটা সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে কোকৰাঝাৰত প্ৰতিবাদ

By

Published : Oct 1, 2019, 12:42 PM IST

কোকৰাঝাৰ, 1 অক্টোবৰ : কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তত ক্ৰমাৎ মহিলাৰ ওপৰত অনৈতিক কাৰ্যকলাপ বৃদ্ধি পাই অহাত আতংকিত হৈ পৰিছে জিলাখনৰ মহিলাসকল ৷ ঘৰত অকলে থকা মহিলাৰ ওপৰত দুষ্টচক্ৰই সংজ্ঞাহীন স্প্ৰে ছতিয়াই অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ খবৰ সমগ্ৰ জিলাতে বিয়পি পৰিছে ৷ ইয়াৰ লগতে চুৰৰ সন্ত্ৰাস আৰু সোপাধৰাৰ ভুৱা বাতৰিয়েও কোকৰাঝাৰ জিলা প্ৰশাসনক চিন্তিত কৰি তুলিছে ৷

অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে কোকৰাঝাৰত প্ৰতিবাদ

সেয়েহে, সোমবাৰে বড়োলেণ্ড ছাত্ৰ সন্থা, এবিএমছু, সদৌ অসম বেংগলী ছাত্ৰ ফেডাৰেচন, আগসু, হিন্দীভাষী পৰিষদ আদি বিটিএডিৰ ছাত্ৰ সংগঠনসমূহে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ বিভিন্ন স্কুল আৰু কলেজৰ ছাত্ৰ-ছাত্ৰীকে ধৰি সমাজ কৰ্মীসকলেও এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু দুষ্টচক্ৰক আটক কৰি শাস্তি প্ৰদানৰ অভিযোগ উত্থাপন কৰে ৷ কোকৰাঝাৰ টেঙাপাৰাস্থিত বিএছইউৰ মুখ্য কাৰ্যালয়ৰ পৰা জেদ.ডি পথ হৈ কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁক স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীয়ে ৷

অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে কোকৰাঝাৰত প্ৰতিবাদ

বড়োলেণ্ড ছাত্ৰ সন্থাৰ সভাপতি স্বগমছাৰ বসুমতাৰীয়ে এই সম্পৰ্কত মন্তব্য কৰে যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া 'বেটি বচাও বেটি পড়াও' শ্লোগান অসমত কেৱল শ্লোগানহে হৈ ৰৈছে । কোকৰাঝাৰ পৌৰসভা আৰু প্ৰশাসনৰ উদ্যোগত এই পৰিবেশক লৈ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় ৷

ABOUT THE AUTHOR

...view details