কোকৰাঝাৰ, 31 মে': যোৰহাটৰ মৰিয়নীৰ দেৱাশীষ হত্যাকাণ্ডৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে । এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনাই নেতাগৰাকীয়ে ৷ লগতে কৰ'ণা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবৰ বাবে সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে প্ৰমোদ বড়োৱে ৷ বিশেষকৈ কোকৰাঝাৰবাসীয়ে এই সন্দৰ্ভত অধিক সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি মত প্ৰকাশ কৰিছে এবছুৰ প্ৰাক্তন নেতা তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৷ কাৰণ জিলাখনত ভয়াৱহ বাবে বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷
দেৱাশীষ হত্যাকাণ্ডৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা প্ৰমোদ বড়োৰ - ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো
এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনাই নেতাগৰাকীয়ে ৷
![দেৱাশীষ হত্যাকাণ্ডৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা প্ৰমোদ বড়োৰ Promod Bodo reaction on Debashish Gogoi murder case](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7417882-thumbnail-3x2-p1.jpg)
দেৱাশীষ হত্যাকাণ্ডৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা প্ৰমোদ বড়োৰ
দেৱাশীষ হত্যাকাণ্ডৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা প্ৰমোদ বড়োৰ
ইয়াৰ লগতে বিটিচিৰ নিৰ্বাচন সন্দৰ্ভত মত প্ৰকাশ কৰি মানুহৰ জীৱনটো লৈ খেলা কৰিব নালাগে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷ বিটিচিৰ নিৰ্বাচন পৰিৱেশ সুস্থিৰ হোৱাৰ পাছত পাতিব লাগে বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷ কাৰণ নিৰ্বাচন হলেও নহলেও মানুহৰ জীৱন জীয়াই থাকিব লাগিব । নিৰ্বাচন যেতিয়া সম্ভৱ তেতিয়া পাতিব পাৰে বুলি মন্তব্য কৰে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৷
লগতে পঢ়কঃচুৰি কৰা গহনা পিন্ধি টিকটক কৰি ৰঙাঘৰৰ আলহী হ'ল যুৱতী