কোকৰাঝাৰ, ১৫ ফেব্ৰুৱাৰী :মঙলবাৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ত আয়োজন কৰা হয় দ্বিতীয় সমাবৰ্তন অনুষ্ঠান (2nd Convocation programe of Bodoland University) ৷ উক্ত সমাবৰ্তন অনুষ্ঠানত উপস্থিত থাকে বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল জগদীশ মুখী ৷ এই অনুষ্ঠানতে ৰাজ্যপাল জগদীশ মুখীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা ৪১৭১ জন স্নাতক, স্নাতকত্তোৰ, ডিপ্ল’মা আৰু ডক্টৰেট ডিগ্ৰীধাৰীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰে ।
উল্লেখ্য যে, ২০০৯ চনত স্থাপিত হোৱা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত বৰ্তমান ৫৭ খন কলেজ আৰু ৭ খন বিএড কলেজ আছে । বিশ্ববিদ্যালয়খনত বৰ্তমান অসমীয়া, বড়ো, ইংৰাজী, ৰাজনীতি বিজ্ঞান, জীৱবিদ্যা, প্ৰাণীবিদ্যা, ৰসায়ন বিজ্ঞান, বায়োটেকনোলজী, কম্পিউটাৰ বিজ্ঞান আদিকে ধৰি ১৭ টা বিভাগত স্নাতকত্তোৰ পাঠ্যক্ৰমৰ সুবিধা আছে । বিশ্ববিদ্যালয়খনে কাঠফুলা খেতি, বাঁহ টেকনোলজীৰ ওপৰতো ডিপ্লোমা প্ৰদান কৰি আহিছে ।
সমাবৰ্তনত উপস্থিত থাকি বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল জগদীশ মুখীয়ে অনুষ্ঠান সফলতাৰে সম্পন্ন কৰাৰ বাবে সকলো পক্ষকে ধন্যবাদ জ্ঞাপন কৰি বড়োলেণ্ড এলেকাৰ উৎপাদনমুখীতাৰো শলাগ লয় ।