অসম

assam

By

Published : Nov 12, 2020, 3:26 PM IST

ETV Bharat / state

দীপাৱলী উপলক্ষে প্ৰিয়বন্ধুৰ বিশেষ পদক্ষেপ

দীপাৱলীৰ প্ৰাকক্ষণত প্ৰিয়বন্ধু নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ মহানগৰীৰ নাৰেংগী-ফৰেষ্টগেট অঞ্চলৰ বস্তিত বাস কৰা শিশুক প্ৰশিক্ষণ প্ৰদান কৰি সংস্থাটোৱে তৈয়াৰ কৰিছে শতাধিক ৰঙীন চাকি ৷

priyobandhu dipawali preparation guwahati assam etv bharat news
প্ৰিয়বন্ধু

গুৱাহাটী,12 নৱেম্বৰ: সমাগত দীপাৱলী ৷ পোহৰৰ উৎসৱ দীপাৱলী উদযাপনৰ বাবে সাজু হৈছে সকলো ৷ এই দীপাৱলীৰ প্ৰাক-মুহুৰ্তত প্ৰিয়বন্ধু নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে হাতত লৈছে এক বিশেষ পদক্ষেপ ৷ নাৰেংগী-ফৰেষ্টগেট অঞ্চলৰ বস্তিত বাস কৰা শিশুসকলক প্ৰশিক্ষণ দি তৈয়াৰ কৰিছে শতাধিক ৰং-বিৰঙী চাকি ৷ বস্তিটোত পূৰ্বতে চলা অ-সামাজিক কাৰ্য-কলাপ বন্ধ কৰাৰ উদ্দেশ্যে সংস্থাটোৰ প্ৰতিষ্ঠাপক অৰ্চনা বৰঠাকুৰে প্ৰিয়বন্ধু নামেৰে স্থাপন কৰিছিল এখন বিদ্যালয় ৷ বিদ্যালয়খনত শিক্ষাগ্ৰহণ কৰি থকা 42 টা শিশুৰ লগতে মাতৃসকলকো প্ৰশিক্ষণ দিয়া হৈছিল মাটিৰ চাকি প্ৰস্তুত কৰাৰ ৷ সেয়ে দীপাৱলীৰ আগে আগে ভিন্ন আকৃতিৰ চাকি প্ৰস্তুত কৰি তুলিছে এই শিশুসকলৰ লগতে মহিলাসকলেও ৷

কণ কণ শিশুৰ ৰং-বিৰঙী চাকি প্ৰস্তুত

এই চাকিসমূহৰ মূল্য ক্ৰমে 6 টকা, 20 টকা আৰু 35 টকা ৷ প্ৰিয়বন্ধুৰ এই কাৰ্যৰ সকলোৱে শলাগ লৈছে ৷ উল্লেখ্য যে, মাটিৰ চাকি বিক্ৰী কৰি পোৱা ধন চাকি প্ৰস্তুতকাৰীসকলে লাভ কৰিব বুলি জানিবলৈ দিয়ে প্ৰিয়বন্ধুৰ প্ৰতিষ্ঠাপক অৰ্চনা বৰঠাকুৰে ৷ প্ৰিয়বন্ধুৱে গ্ৰহণ কৰা এই বিশেষ প্ৰদক্ষেপৰ বাবে বস্তি অঞ্চলত বহু পৰিমাণে হ্ৰাস পাইছে অ-সামাজিক কাৰ্য-কলাপ ৷

লগতে চাওকঃপৰাগ ভূঞাৰ মৃত্যুৰ তদন্তৰ দাবীত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details