অসম

assam

ETV Bharat / state

পুনৰ বিটিচিত নিযুক্তিৰ ক্ষেত্ৰত অনিয়মৰ অভিযোগ পৃথ্বিৰাজ নাৰায়ন দেৱ মেচৰ - prithviraj narayan dev mech reacted about btc job scam

বিটিচিৰ নিযুক্তিৰ দুৰ্নীতি সন্দৰ্ভত পুনৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে,ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে । এইক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণৰ আহ্বান ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যগৰাকীৰ ৷

পৃথ্বিৰাজ নাৰায়ন দেৱ মেচ
পৃথ্বিৰাজ নাৰায়ন দেৱ মেচ

By

Published : Aug 9, 2020, 8:31 PM IST

কোকৰাঝাৰ, 9 আগষ্ট:দেওবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচে বিটিচিৰ মুখ্য সচিবে এক নিৰ্দেশনামৰ্মে,পৰিবহণ বিভাগত অনিয়মেৰে নিযুক্তিপ্ৰাপ্ত ২৯ জন প্ৰাৰ্থীক বৰ্খাস্তকৰণ কৰা কাৰ্যক আদৰণি জনাই বিটিচিৰ প্ৰতিটো বিভাগতে ভয়ংকৰ দুৰ্নীতি হোৱাৰ অভিযোগ কৰিছে ।

একাংশ বিভাগত ২০১৫ চনৰ পৰাই ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈ আহিছে বুলি সংবাদ মাধ্যমযোগে উল্লেখ কৰে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য গৰাকীয়ে ৷ ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন হোৱাৰ পাচতে বিটিচিৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচে বিটিচিৰ মুখ্য সচিবক অভিযোগ পত্ৰ দিয়াৰ লগতে,কোকৰাঝাৰ সদৰ থানাত এখন এজাহাৰো দাখিল কৰে ৷ তাৰোপৰি বিভিন্ন পক্ষই দিয়া অভিযোগৰ ভিত্তিত সমগ্ৰ বিষয়টোৰ তদন্ত কৰি বিটিচিৰ মুখ্য সচিবে জাৰি কৰা এক নিৰ্দেশনা মৰ্মে,নিযুক্তিপ্ৰাপ্ত ৮ জন সহকাৰী এনফৰ্চমেণ্ট পৰিদৰ্শক আৰু ২১ জন এনফৰ্চমেণ্ট চেকাৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰে ৷ কোনো ধৰণৰ বিজ্ঞাপন প্ৰকাশ নোপোৱাকৈ,কোনো ধৰণৰ সাক্ষাৎকাৰ অথবা পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈয়ে লোক কেইগৰাকীয়ে চাকৰি পাইছিল বুলি অভিযোগ উত্থাপন কৰে তেওঁ ৷

উল্লেখ্য যে ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচে সংবাদমেলত এই বুলিও কয় যে,বৰ্খাস্ত হোৱাসকল এটা বিভাগৰ মাথো নমুনাহে । বিটিচিত থকা ৪০ টা বিভাগত কেইবা শতাধিক নিযুক্তি কেলেংকাৰী আছে বুলি কৈ,সকলো নিযুক্তি কেলেংকাৰীৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় তেওঁ । অনিয়মেৰে নিযুক্তিপ্ৰাপ্ত ২৯ জনক বৰ্খাস্তৰ সিদ্ধান্তক আদৰণি জনায় কেন্দ্ৰীয় সদস্য গৰাকীয়ে ।

পুনৰ বিটিচিত নিযুক্তিৰ ক্ষেত্ৰত অনিয়মৰ অভিযোগ পৃথ্বিৰাজ নাৰায়ন দেৱ মেচৰ

লগতে পঢ়ক:ক'ৰণাৰ মাজতে উত্তৰ প্ৰদেশত বিধানসভাৰ অধিবেশন : পৃথকে বহিব বিধায়ক

ABOUT THE AUTHOR

...view details