কোকৰাঝাৰ,০১ জুলাই :কোৰাঝাৰৰ একেটা পৰিয়ালৰে তিনিজন সদস্যক হত্যা কৰা হত্যাকাৰীক কোৰাঝাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে । ধৃত লোকজন ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত খেজুৰবাৰীৰ সৰ্বানন্দ বৰ্মন। হত্যাকাৰীয়ে আৰক্ষীৰ আগত স্বীকাৰ কৰিলে সমগ্ৰ হত্যাৰ ঘটনা ।
কোকৰাঝাৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ
হত্যাকাৰী সৰ্বানন্দৰ স্বীকাৰোক্তি অনুসৰি তেওঁ মূল ৰাস্তাৰে নগৈ ঘৰৰ পাছফালে সিন্ধি খান্দি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু প্ৰথমে টিপুল ৰায়ক হত্যা কৰে ।
সৰ্বানন্দ বৰ্মনে যোৱা ২৭ জুনত একেটা পৰিয়ালৰে তিনিজন সদস্য ক্ৰমে টিপুল ৰায়,মৰমী ৰায় আৰু তেওঁলোকৰ কন্যা অঞ্জুমণি ৰায়ক ঘপিয়াই হানি খুচি হত্যা কৰিছিল। ব্যাপক চাঞ্চল্য সৃষ্টি কৰা উক্ত ঘটনাটো সংঘটিত হোৱাৰ পিচতে আৰক্ষীয়ে তদন্ত চলাই হত্যাকাৰী সৰ্বানন্দক দেওবাৰে গ্ৰেপ্তাৰ কৰে । হত্যাকাৰী জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পাচতে আৰক্ষীয়ে তেওঁক ঘটনাস্থলীলৈ লৈ যায় আৰু কি দৰে হত্যাকাণ্ড সংঘটিত কৰিছিল সেয়া স্বীকাৰ কৰে আৰক্ষীৰ আগত। হত্যাকাৰী সৰ্বানন্দৰ স্বীকাৰোক্তি অনুসৰি তেওঁ মূল ৰাস্তাৰে নগৈ ঘৰৰ পাছফালে সিন্ধি খান্দি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু প্ৰথমে টিপুল ৰায়ক হত্যা কৰে। তেনে সময়তে প্ৰাণৰ মমতাত মৰমী ৰায়ে কন্যা অঞ্জুমণিক লৈ দৌৰ মাৰোতেই সৰ্বানন্দই মৰমীক ডেগাৰেৰে উপৰ্যুপৰি ঘাপ মাৰে। একেদৰে কণমানি সন্তান অঞ্জুমণি ৰায়কো ডেগাৰেৰে হানি খুচি হত্যা কৰে । আৰু হত্যা কাণ্ডত ব্যৱহৃত ডেগাৰখন কাষৰ হেল নদীত পেলাই দিয়ে। ইপিনে উক্ত হত্যাকাণ্ডটো কোকৰাঝাৰ জিলাৰ উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথে প্ৰেমজনিত কাৰণত হোৱা বুলি মত প্ৰকাশ কৰে।