কোকৰাঝাৰ, 6 নৱেম্বৰ : কোকৰাঝাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ সংবাদমেল ৷ কোকৰাঝাৰ চহৰৰ বাগানচালি ষ্ট্ৰীট বডোফা হাউচত সংবাদমেল সম্বোধন এবছুৰ সভাপতি দ্বীপেন বড়োৰ ৷ বিপিএফ দলে বিটিআৰ নিৰ্বাচনকলৈ বাৰে বাৰে এবছুক লক্ষ্য কৰি আক্ৰমন কৰাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ সংবাদমেলত ৷
দ্বীপেন বড়োই কয় যে, "হাগ্ৰামা মহিলাৰীয়ে কোৱাৰ দৰে 'এবছু মানে ইউপিপিএল আৰু ইউপিপিএল মানে এবছু' মিছা কথা ৷ ইউপিপিএল ৰাজনৈতিক দল ৷ এবছুই আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত সমৰ্থনহে জনাইছে ৷ প্ৰতিটো সময়ত বিপিএফ দলে এবছু কৰ্মী আৰু কাৰ্যালয়সমূহক টাৰ্গেট কৰি আহিছে আৰু আক্ৰমণ কাৰ্যও কৰিবলৈ আৰম্ভ কৰিছে ৷ ৰাজ্যৰ গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোত অধিক মাত্ৰাত নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ দাবী তুলিছে দ্বীপেন বড়োয়ে ৷