অসম

assam

ETV Bharat / state

প্ৰাদেশীকৰণৰ দাবীৰে বিটিআৰ শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ বিবৃতি

বিটিআৰ পৰিষদীয় চৰকাৰে শেহতীয়াকৈ প্ৰদান কৰা শিক্ষক নিযুক্তিৰ পৰা বহু শিক্ষক বঞ্চিত তথা বহু শিক্ষানুষ্ঠান প্ৰাদেশীকৰণৰ পৰা বাদ পৰাক লৈ ৰবিবাৰে এক প্ৰেছ বিবৃতিযোগে তীব্ৰ অসন্তুষ্টি আৰু ক্ষোভ প্ৰকাশ কৰিছে বিটিআৰ শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই ৷ প্ৰাদেশীকৰণৰ পৰা বাদ পৰা শিক্ষানুষ্ঠান সমূহক ২০ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰাদেশীকৰণ কৰাৰ দাবী জনাইছে বিটিআৰ শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ সভাপতি বুধিৰাম ব্ৰহ্মই ৷

প্ৰাদেশীকৰণৰ দাবীৰে বিটিআৰ শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ বিবৃতি
প্ৰাদেশীকৰণৰ দাবীৰে বিটিআৰ শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ বিবৃতি

By

Published : Feb 14, 2021, 9:24 PM IST

কোকৰাঝাৰ, ১৪ ফেব্ৰুৱাৰী:বিটিআৰ পৰিষদীয় চৰকাৰে শেহতীয়াকৈ প্ৰদান কৰা শিক্ষক নিযুক্তিকৰণৰ পৰা বহু শিক্ষক বঞ্চিত হোৱাৰ লগতে প্ৰাদেশীকৰণৰ পৰা বহু শিক্ষানুষ্ঠান বাদ পৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিটিআৰ শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই ৷

দেওবাৰে বিটিআৰ শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ এক সাধাৰণ সভা অনুষ্ঠিত কৰা হয় ৷ উক্ত সভাতে বিষয়টোক লৈ তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰে বিটিআৰ শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই ।

প্ৰাদেশীকৰণৰ দাবীৰে বিটিআৰ শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ বিবৃতি

বিটিআৰ পৰিষদীয় চৰকাৰে প্ৰদান কৰা নিযুক্তি পত্ৰৰ দ্বাৰা বিদ্যালয়সমুহ ভাঙি দিয়াৰ হে ইংগিত প্ৰদান কৰিছে বুলি বিবৃতিত উল্লেখ কৰি নিযুক্তি পত্ৰৰ দ্বাৰা এচাম ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ মৌলিক অধিকাৰৰ পৰাও বঞ্চিত কৰা হৈছে বুলি অভিযোগ কৰে মঞ্চৰ সভাপতি গৰাকীয়ে ৷ লগতে ইয়াৰ দ্বাৰা পদ প্ৰাদেশীকৰণৰ নামতো বঞ্চনাহে কৰা হৈছে বুলি বিবৃতি খনত উল্লেখ কৰা হয় ।

ইয়াৰ উপৰিও এই নিযুক্তি পত্ৰৰ যোগেদি প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈকে টিউটৰ হিচাপে নিযুক্তি দি শিক্ষকসকলক অপমান কৰা হৈছে বুলি বিবৃতিত উল্লেখ কৰে শিক্ষক ঐক্যমঞ্চৰ সভাপতি গৰাকীয়ে । ইফালে বিটিআৰ অঞ্চলৰ যিবোৰ বিদ্যালয় প্ৰাদেশীকৰণৰ পৰা বাদ পৰিছে সেইবোৰ বিদ্যালয়ক অহা ২০ ফেব্ৰুৱাৰী ভিতৰত প্ৰাদেশীকৰণ কৰিবলৈ দাবী জনাইছে ৷ লগতে বিনা বেতনে অৱসৰ লোৱা শিক্ষকসকল এককালীন ১৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈও দাবী জনাই বিটিআৰ শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ সভাপতি বুধিৰাম ব্ৰহ্মই ।

উল্লেখ যে, বিটিআৰ পৰিষদীয় চৰকাৰে যোৱা ৮ ফেব্ৰুৱাৰীত এক অনুষ্ঠানৰ জৰিয়তে বিটিআৰৰ চাৰি জিলাৰ ৬৭৬ খন শিক্ষানুষ্ঠান প্ৰাদেশীকৰণ কৰাৰ লগতে ২১৬০ গৰাকী শিক্ষক-কৰ্মচাৰীক চাকৰি নিয়মীয়াকৰণৰ নিযুক্ত পত্ৰ প্ৰদান কৰিছিল ৷

লগতে পঢ়ক:গুৱাহাটীত উপস্থিত ড৹ এছ জয়শংকৰ আৰু জাপানৰ ৰাষ্ট্ৰদূত

ABOUT THE AUTHOR

...view details