অসম

assam

By

Published : Jul 19, 2023, 12:53 PM IST

ETV Bharat / state

ABSU Press Meet: গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঁচবছৰীয়া সংহত পাঠ্যক্ৰমত বড়ো বিষয় অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভ এবছুৰ

কোকৰাঝাৰৰ বাগানশালীস্থিত এবছুৰ মুখ্য কাৰ্যালয় বডোফা হাউছত সংবাদমেল এবছুৰ সভাপতি দ্বীপেন বড়োৰ ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঁচবছৰীয়া সংহত পাঠ্যক্ৰমত (Integrated Course) বড়ো বিষয় অন্তৰ্ভূক্ত নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে ৷

Press Meet of ABSU in Kokrajhar
এবছুৰ সংবাদমেল

এবছুৰ সভাপতি দ্বীপেন বড়োৰ সংবাদমেল

কোকৰাঝাৰ, 19 জুলাই :ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঁচবছৰীয়া সংহত পাঠ্যক্ৰমত (Integrated Course) বড়ো বিষয় অন্তৰ্ভূক্ত নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে ৷ কোকৰাঝাৰৰ বাগানশালীস্থিত এবছুৰ মুখ্য কাৰ্যালয় বডোফা হাাউছত আয়োজিত হোৱা এক সংবাদমেলত এবছুৰ সভাপতি দ্বীপেন বড়োৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঁচবছৰীয়া সংহত পাঠ্যক্ৰমত বড়ো বিষয় অন্তৰ্ভূক্ত নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি অতি শীঘ্ৰে কাৰ্যকাৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷

তেওঁ সংবাদমেলত কয় যে 25 টা বিভাগৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঁচবছৰীয়া সংহত পাঠ্যক্ৰমৰ বাবে নামভৰ্তিৰ জাননী দিছে যদিও তাত বড়ো বিষয়টো অন্তৰ্ভুক্ত নহ'ল ৷ এয়া বৈষম্যৰে নামান্তৰ বুলি অভিযোগ কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই হঠকাৰী সিদ্ধান্ত পুনৰ বিবেচনা কৰি বড়ো বিষয় অন্তৰ্ভুক্তিকৰণৰ দাবী জনাইছে ৷ ইফালে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপালে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কৰ্ট মেম্বাৰ (Court Member) হিচাপে 12 গৰাকী সদস্যক মনোনীত কৰিছে যদিও এই 12 জন সদস্যৰ ভিতৰত বিটিআৰ অঞ্চলৰ পৰা এজনো সদস্য মনোনীত নহ’ল বুলি আক্ষেপ প্ৰকাশ কৰে ৷ সেয়েহে 12 জন সদস্যৰ ভিতৰত 5 জন সদস্য বিটিআৰ অঞ্চলৰ পৰা মনোনীত কৰিবলৈ এবছুৱে দাবী জনাইছে ৷

আনহাতে সংবাদমেলত এবছুৱে ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত শিকোৱাৰ বিৰোধিতা কৰি বড়ো মাধ্যমত শিকোৱাৰ দাবী উত্থাপন কৰে ৷ চৰকাৰৰ এই সিদ্ধান্ত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰো পৰিপন্থী বুলি উল্লেখ কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷ তদুপৰি উচ্চতৰ মাধ্যমিকৰ বড়ো মাধ্যমৰ বাবে প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ নামভৰ্তিৰ দাবী উত্থাপন কৰিছে এবছুৱে ৷ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ নামভৰ্তিত ইতিমধ্যে বিলম্বৰ অভিযোগ উত্থাপন কৰি বিটিআৰ আৰু আন 50 খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বড়ো মাধ্যম প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷

সংবাদমেলত এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৰাজ্য চৰকাৰৰ আঁকোৰগোজ সিদ্ধান্তৰ বিৰোধিতা কৰি সিদ্ধান্তসমুহ পুনৰ বিবেচনা নকৰিলে গণতান্ত্ৰিক আন্দোনৰ হুংকাৰ প্ৰদান কৰে ৷ সংবাদমেলত এবছুৰ উপ-সভাপতি খৰমদাও ওৱাৰী, সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীসহ ছাত্ৰ সংগঠনটোৰ কেইবাগৰাকী নেতৃত্ব উপস্থিত আছিল ৷

লগতে পঢ়ক:Foundation Day of UBPO: সংযুক্ত বড়ো গণ মঞ্চৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

ABOUT THE AUTHOR

...view details