কোকৰাঝাৰ, ১৮ ছেপ্টেম্বৰ : কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী এলেকাৰ লুংছুঙত শনিবাৰে পুৱতি নিশা আৰক্ষীৰে সৈতে হোৱা সংঘৰ্ষত দুগৰাকী সন্দেহযুক্ত ইউএলবি সদস্যৰ নিহত হোৱা ঘটনাক কেন্দ্ৰ কৰি জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । সংঘৰ্ষত নিহত যুৱকদ্বয়ক জিলাখনৰে টিপকাইৰ জনক ব্ৰহ্ম আৰু পাটগাঁৱৰ জৌংসাৰ মুছাহাৰী বুলি জানিব পৰা গৈছে । ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে দুটা পিষ্টল, কেইবাজাই গুলী, 8 টা হেণ্ড গ্ৰেণেড, কম্বল, প্লাষ্টিক, খাদ্য সামগ্ৰী আৰু আন বহুতো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে ৷
শনিবাৰে বিয়লী কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ প্ৰেক্ষাগৃহত আয়োজিত হোৱা এক সংবাদমেলত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰে ঘটনাৰ বিৱৰণি প্ৰকাশ কৰে ৷ তেওঁ কয়, কিছুদিনৰ পৰা কোকৰাঝাৰৰ উত্তৰাঞ্চলত এক বিশেষ চক্ৰই ধনদাবীৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি শুকুৰবাৰে দুৰ্ষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ ঘাইপথত তালাচী চলাইছিল ।
লগতে পঢ়ক:প্ৰমাণ প্ৰত্ৰ প্ৰদানৰ নামত ধন সংগ্ৰহ নকৰিবলৈ গাঁও প্ৰধানক সকীয়নি জয়ন্ত মল্ল বৰুৱাৰ
তালাচীৰ কালত আৰক্ষীৰ বেহু ভাঙি দুজন যুৱক পলায়ন কৰিবলৈ সক্ষম হয় যদিও উক্ত যুৱকদুজন আফলাগাঁৱৰ সমীপত এক দুৰ্ঘটনাত পতিত হয় । স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে দুৰ্ষ্কৃতিকাৰীদ্বয়ক কৰায়ত্ব কৰে আৰু তেওঁলোকৰ পৰা পিষ্টল, দা আদি জব্দ কৰা হয় ৷
যুৱক দুজনৰ পৰা আৰক্ষীয়ে ১৮ হাজাৰ টকাও জব্দ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সেৰফাংগুৰী থানাত এক গোচৰ ৰজু কৰে । সেৰফাংগুৰী থানাত যুৱকদ্বয়ক সোধপোচ কৰাত তেওঁলোকে নৱগঠিত ইউএলবি নামৰ সংগঠনটোৰ সদস্য বুলি পৰিচয় দিয়ে ৷