কোকৰাঝাৰ,২২ ফেব্ৰুৱাৰী:বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনকলৈ সাজু ৰাণী খালাইশ্ৰী পথাৰ ৷ কোকৰাঝাৰ জিলাৰ পাটগাঁৱৰ ৰাণী খালাইশ্ৰী পথাৰত কাইলৈৰ পৰা অৰ্থাৎ ২৩ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন ৷ এই উপলক্ষে পাটগাঁৱৰ সৰলভাঙা নৈ’ৰ দাঁতিৰ ৰাণী খালাইশ্ৰী পথাৰত বহিৰাষ্ট্ৰ বাংলাদেশ, নেপালৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱী আৰু প্ৰতিনিধিক আদৰিবলৈ সাজু হৈ উঠিছে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনস্থলী (Preparations for Bodo Sahitya Sobha Conference) ৷
ইতিমধ্যে অধিবেশনথলীত আটকধুনীয়া মুখ্য তোৰণ, বিশাল সভাগৃহ, ৰভা, প্ৰতিনিধি শিৱিৰ, প্ৰদৰ্শনী-গ্ৰন্থমেলা আৰু সুসজ্জিত অতিথিশালাৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে অধিৱেশনথলীৰ চাৰিওফালে প্ৰায় এহেজাৰ তামোল গছ ৰোপণ কৰাৰ লগতে প্ৰান্তে প্ৰান্তে বিভিন্ন খেৰৰ সু-সজ্জিত জিৰণি চৰা নিৰ্মাণ কৰা হৈছে ৷ ভূটানৰ পৰা বৈ অহা সৰলভাঙা নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে এখন বাঁহৰ আটকধুনীয়া দলং ৷ মুঠৰ ওপৰত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনখনক লৈ যেন ন-কইনাৰ দৰে সাজু কৰি তুলিছে সৰলভাঙা নৈৰ পাৰৰ ৰাণী খালাইশ্ৰী পথাৰ (Bodo Sahitya Sobha session to be held in Kokrajhar) ৷