কোকৰাঝাৰ , ২৪ ডিচেম্বৰ:বিটিআৰৰ সদৰ কোকৰাঝাৰত অহা ২৮ ডিচেম্বৰৰ পৰা প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ৭৬ সংখ্যক সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতা (Preparation of Santosh Trophy at Kokrazar)। সেইবাবে সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নৰ গ্ৰুপ ৩ ৰ লীগ খেলক লৈ ব্যাপক প্ৰস্তুতি চলিছে ৷
উল্লেখ্য় যে কোকৰাঝাৰ চহৰৰ কঠালগুৰীস্থিত ছাই ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত অহা ২৮ ডিচেম্বৰৰ পৰা ৫ জানুৱাৰীলৈ এই প্ৰতিযোগতাখনৰ গ্ৰূপ ৩ ৰ খেল অনুষ্ঠিত হ'ব (76th Santosh Trophy at Kokrazar)। উক্ত প্ৰতিযোগিতাত ঘৰুৱা দল অসমৰ উপৰি অৰুণাচল প্ৰদেশ, তামিলনাডু, গোৱা, নাগালেণ্ড আৰু উত্তৰ প্ৰদেশে অংশগ্ৰহণ কৰিব কৰিব বুলি আয়োজক অসম ফুটবল সন্থাই সদৰি কৰিছে ৷
ইপিনে, সন্তোষ ট্ৰফীত অংশগ্ৰহণ কৰিবলগীয়া অসম দলৰ বাছনিক লৈ ইতিমধ্যে কোকৰাঝাৰত এক প্ৰশিক্ষণ আৰম্ভ হৈছে (Santosh Trophy training in Kokrajhar)। উক্ত শিবিৰত বিভিন্ন প্ৰান্তৰ ১২৭ গৰাকী ফুটবল খেলুৱৈয়ে অংশ লৈছে । ইয়াৰে ভিতৰত ৪৪ গৰাকী খেলুৱৈক বাছনি কৰি অনুশীলন আৰম্ভ কৰা হৈছে ৷ এই অনুশীলনত অংশগ্ৰহণ কৰা ৪৪ গৰাকী খেলুৱৈৰ ভিতৰত পাৰদৰ্শিতা দেখুউওৱা ২২ গৰাকীক অসম দলৰ বাবে বাছনি কৰা হ'ব ৷ উল্লেখ্য যে,সন্তোষ ট্ৰফীৰ গ্ৰূপ ৩ খেলৰ বাবে অসম দলটোক সাজু কৰি তুলিবলৈ কোকৰাঝাৰ ছাই ক্ৰীড়া প্ৰকল্পত ভাৰতৰ আগশাৰী ফুটবল প্ৰশিক্ষক বি শৰ্মাসহ আন তিনিগৰাকী প্ৰশিক্ষকে খেলুৱৈসকলক অনুশীলন কৰাইছে ৷