কোকৰাঝাৰ, ২৭ জানুৱাৰী : বৃহস্পতিবাৰে বিটিআৰ শান্তি চুক্তিৰ দ্বিতীয় বৰ্ষপূৰ্তি (2nd Anniversary of BTR Peace Accord) ৷ ২০২০ চনৰ ২৭ জানুৱাৰীত অৰ্থাৎ আজিৰ দিনটোত এনডিএফবিৰ চাৰিওটা গোটৰ লগতে এবছু, ইউবিপিঅ’ নেতৃবৃন্দ আৰু ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ মাজত বিটিআৰ শান্তি চুক্তি স্বাক্ষৰিত হৈছিল ৷
সেইমৰ্মে ক’ভিড প্ৰট’কল অনুসৰি বৃহস্পতিবাৰে বিটিআৰৰ দ্বিতীয় বৰ্ষপূৰ্তি (BTR Peace Accord Anniversary celebrated in Kokrajhar) অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ৷ দ্বিতীয় বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি পুৱা দোতমাৰ থুলুংগাপুৰিস্থিত বডোফাৰ সমাধিক্ষেত্ৰ আৰু কোকৰাঝাৰৰ ভাটিপাৰাস্থিত বড়োলেণ্ড আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ সুজিত নাৰ্জাৰীৰ সমাধিক্ষেত্ৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়োসহ আন কাৰ্যবাহী সদস্যসকলে মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায় ৷