চিৰাং,16 ছেপ্তেম্বৰ: কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা জল জীৱন মিছন আঁচনিৰ চিৰাং জিলাত ৰূপায়িত হৈ থকা কাম কাজৰ খতিয়ান লোৱাৰ উদ্দেশ্যে বৃহস্পতিবাৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বিটিচিৰ মুখ্য সচিব শান্তনু পি.গোটমাৰেৰে এক পৰ্যালোচনা বৈঠকত মিলিত হয় ৷ পৰ্যালোচনা সভাত আঁচনি খনৰ খতিয়ান লৈ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই জিলাখনত আঁচনিখনৰ ৰূপায়ণৰ দিশত অগ্ৰগতি মন্থৰ হোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰে ৷
উল্লেখযোগ্য যে, চিৰাং জিলাত জনজীৱন মিছনৰ নিৰ্মাণ আঁচনিৰ কাম নিৰ্ধাৰিত সময়ত কাৰ্যকৰী হোৱা নাই ৷ যাৰ বাবে প্ৰশাসন কঠোৰ হ'বলগীয়া হৈছে ৷ এই কথা প্ৰকাশ কৰি বি টি চিৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, চিৰাং জিলাত আঁচনিখন সুন্দৰ ভাৱে ৰূপায়ণ কৰাৰ স্বাৰ্থত অনিয়মৰ আশ্ৰয় লোৱা প্ৰতিষ্ঠান বা ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷
উল্লেখ্য যে, কামত ফাঁকি দিয়া বাবেই বৃহস্পতিবাৰে পৰ্যালোচনাৰ সভাৰ পৰাই আঁচনিৰ কামত অনিয়ম কৰাৰ সৈতে জড়িত এজন বিষয়াক প্ৰমোদ বড়োৰ নিৰ্দেশত আৰক্ষীয়ে আটক কৰে ৷ সংবাদ মাধ্যমৰ আগত কোনো কামৰ ক্ষেত্ৰতে অনিয়ম সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰে প্ৰমোদ বড়োৱে ৷ লগতে এতিয়াৰে পৰা কঠোৰ সিদ্ধান্তৰে আগবঢ়া হ'ব আৰু আৰক্ষীকো এই সমূহ বিষয় চোৱাৰ বাবে নিৰ্দেশ দিছে বুলি জনাই প্ৰমোদ বড়োৱে ৷
উল্লেখযোগ্য যে, চিৰাং জিলাত জল জীৱন মিছন আঁচনিৰ ৰূপায়ন কৰাৰ ক্ষেত্ৰত গাফিলতিৰ অভিযোগত এটা নিৰ্মাণ সংস্থাৰ কনিষ্ঠ অভিযন্তাক আটক কৰিছে আৰক্ষীয়ে । আটক কৰা কনিষ্ঠ অভিযন্তা জনৰ নাম ৰাজীৱ মৈত্ৰী ৷ বিটিচিৰ প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত চিৰাং জিলা সদৰ কাজলগাঁৱত অনুষ্ঠিত হোৱা জলজীৱন মিছন আঁচনিৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ সভাৰ পৰাই আৰক্ষীয়ে আটক কৰে নিৰ্মাণকাৰী সংস্থা ৰাংগাদাও কনষ্ট্ৰাকচন কোম্পানীৰ কনিষ্ঠ অভিযন্তা ৰাজীৱ মাইটিক ৷
আনহাতে জল জীৱন আঁচনি ৰূপায়ন কৰাৰ ক্ষেত্ৰত গাফিলতি কৰাৰ অভিযোগত তিনিজন ঠিকাদাৰৰ কাম কৰ্তন কৰা হৈছে বুলিও জানিব দিছে বিভাগটোৱে ৷ ইয়াৰে ঠিকাদাৰ মনোজ হাৰলালকাৰৰ কাম বাতিলৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে যদিও আন দুজনৰ বিষয়ে এতিয়াও বিভাগীয় ভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই ৷
এই পৰ্যালোচনা সভাত চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিটিচিৰ পৰিষদীয় সদস্য মাধৱ চন্দ্ৰ ছেত্ৰী, অতিৰিক্ত জিলা উপায়ুক্তখনিন্দ্ৰ কুমাৰ দাস, অতিৰিক্ত উপায়ুক্ত তথা বিজনীৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিবাকৰ নাথ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া, কৰ্মচাৰী, জনজীৱন মিছনৰ নিৰ্মাণ ঠিকাদাৰ সকল উপস্থিত থাকে ৷