কোকৰাঝাৰ,4 এপ্ৰিল:ৰাজ্যৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত আৰু মাথো দুটা দিন বাকী থকা অৱস্থাত নিৰ্বাচনী প্ৰচাৰ অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে বিপিএফৰ প্ৰাৰ্থী তথা মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই ৷ পূৱ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ পৰা একেৰাহে 30 বছৰ ধৰি বিধায়িকা তথা মন্ত্ৰীৰ আসন অলংকৃত কৰা ব্ৰহ্মই পুনৰ এবাৰ জিকিবলৈ আপ্ৰাণ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷
শনিবাৰে মন্ত্ৰী গৰাকীয়ে কোকৰাঝাৰ সদৰ চহৰৰ ডিএন হিম্মৎসিংকা খেলপথাৰৰ পৰা ৰোড শ্ব' ৰে চহৰখন পৰিভ্ৰমণ কৰি ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ চেষ্টা কৰে ৷ উল্লেখ্য যে, মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 30 নং কোকৰাঝাৰ পূৱ (জনজাতি) সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীৰ হৈ চহৰখনত বিশাল ৰোড শ্ব' উলিয়াই মিত্ৰজোঁটৰ শক্তি প্ৰদৰ্শন কৰিছিল ৷ ইয়াৰ বিপৰীতে সমষ্টিটোৰ বিপিএফ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মই শনিবাৰে ৰোড শ্ব' বাহিৰ কৰি শক্তি প্ৰদৰ্শন কৰে ৷
ইয়াৰ মাজতে ৰোড শ্ব' বাহিৰ কৰাৰ পূৰ্বে ব্ৰহ্মই নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰাৰ লগতে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধনবল, বাহুবল পৰিত্যাগ কৰি এগৰাকী ভাল ৰাজনীতিবিদ হোৱাৰ আহ্বান জনায় ৷ তেওঁ কয় যে, বিগত বিটিআৰৰ নিৰ্বাচনতো হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰী তথা বিপিএফ দলক পৰাজিত কৰাৰ বাবে চেষ্টা কৰিছিল যদিও নোৱাৰিলে ৷ ঠিক একেদৰে এই বিধানসভা নিৰ্বাচনতো মন্ত্ৰী ড৹ শৰ্মাই একে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও বিফল হ'ব ৷