অসম

assam

ETV Bharat / state

বানে উটুৱাই নিয়া বিদ্যালয়ত উপস্থিত মন্ত্ৰী ব্ৰহ্ম - assam news

গৰমৰ বন্ধ শেষ হোৱাৰ পৰা অৰ্থাৎ বিদ্যালয় গৃহৰ অভাৱত 1 আগষ্টত মুকলি আকাশৰ তলতে পাঠদান কৰে শিক্ষকে ৷ এই সমগ্ৰ সম্প্ৰচাৰ হৈছিল একমাত্ৰ ইটিভি ভাৰতত ৷

বানে উটুয়াই নিয়া বিদ্যালয়ত উপস্থিত মন্ত্ৰী ব্ৰহ্ম

By

Published : Aug 3, 2019, 11:53 PM IST

কোকৰাঝাৰ, 3 আগষ্টঃ গোঙিয়া নদীৰ বানে উটুৱাই নিয়া বিদ্যালয়ত উপস্থিত সমাজ কল্যণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম । বিদ্যালয়খনৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীক অৱগত কৰিব মন্ত্ৰী ব্ৰহ্মই । কোকৰাঝাৰৰ গোসাইগাঁও শিক্ষা খণ্ডৰ অন্তৰ্গত ফালুগুৰি নয়াপৰা প্ৰাথমিক বিদ্যালয়খন বিগত 23 জুলাইত গোঙিয়া নদীৰ ভয়াৱহ বানে উটুৱাই নিয়ে ৷ যাৰ বাবে গৰমৰ বন্ধ শেষ হোৱাৰ পৰা অৰ্থাৎ বিদ্যালয় গৃহৰ অভাৱত 1 আগষ্টত মুকলি আকাশৰ তলতে পাঠদান কৰে শিক্ষকে ৷ এই সমগ্ৰ সম্প্ৰচাৰ হৈছিল একমাত্ৰ ইটিভি ভাৰতত ৷ তাৰ পাচতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল বিটিচিত ৷ যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে বিদ্যালয়খনত উপস্থিত হয় মন্ত্ৰী গৰাকী ৷ আনহাতে, ব্ৰহ্মই শিক্ষক, বিদ্যালয় পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ সতে মত বিনিময় কৰি বিষয়টো শিক্ষামন্ত্ৰীক অৱগত কৰাব বুলিও মন্তব্য কৰে ।

বানে উটুৱাই নিয়া বিদ্যালয়ত উপস্থিত মন্ত্ৰী ব্ৰহ্ম

ABOUT THE AUTHOR

...view details