অসম

assam

ETV Bharat / state

কোকৰাঝাৰত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ "গাঁৱলৈ বলক" শীৰ্ষক কাৰ্যসূচী - কোকৰাঝাৰ

কোৰাঝাৰত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ "গাঁৱলৈ বলক" শীৰ্ষক কাৰ্যসূচী ৷ কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তবৰ্তী দুৰ্গম স্থান উল্টাপানীত ৰাজ্যৰ ভূমি সংৰক্ষণ বিষয়া বৰ্গক লৈ এখন জৰুৰী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে ৷

মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম
মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম

By

Published : Sep 14, 2020, 8:09 PM IST

কোকৰাঝাৰ, 14 ছেপ্তেম্বৰ:অসমত চৰকাৰী আঁচনি সঠিক সময়ত ৰূপায়ণ আৰু কাম কৰাৰ এক পৰিৱেশ গঢ় দিবলৈ সোমবাৰে ৰাজ্যৰ ভূমি সংৰক্ষণ বিভাগৰ শীৰ্ষতম বিষয়া সকলক লৈ "গাঁৱলৈ বলক" শীৰ্ষক কাৰ্যসূচীৰে কোকৰাঝাৰত জিলাত পৰ্যালোচনা সভা অনুষ্ঠিত কৰে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰক্ষই ৷ কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী দুৰ্গম স্থান উল্টাপানীত ৰাজ্যৰ ভূমি সংৰক্ষণ বিষয়া বৰ্গক লৈ এখন জৰুৰী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে ৷ কৰ'ণা মহামাৰীৰ সাম্প্ৰতিক স্থিতিত সৃষ্টি হোৱা মন্দাৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক ডিচেম্বৰ মাহত সংশ্লিষ্ট বিভাগৰ অধীনত কাম কাজসমূহ সুচাৰুভাৱে ৰূপায়ণ কৰি বিলসমূহ দাখিল কৰাৰ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ৷ অন্যথা বকেয়া কামৰ বিল অনাদায় হ'ব বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷

কোকৰাঝাৰত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ "গাঁৱলৈ বলক" শীৰ্ষক কাৰ্যসূচী

ইয়াৰোপৰি তেওঁ ৰাজ্যত ভূমি সংৰক্ষণ আঁচনিৰ কাম ভাল হোৱা বুলি প্ৰশংসা কৰি,বিভাগটোক ন উদ্যমেৰে আগবঢ়াই নিয়াৰ বাবে বিষয়া সকলক আহ্বান জনায় ৷ পৰৱৰ্তী সময়ত তিনিচুকীয়া আৰু মাজুলীতো এনে ধৰণৰ বিভাগীয় পৰ্যালোচনা সভা আয়োজন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷

ভাৰত-ভূটান সীমান্তৱৰ্তী দুৰ্গম স্থান উল্টাপানীত ভূমি সংৰক্ষণ বিষয়া বৰ্গক লৈ এখন জৰুৰী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে

লগতে পঢ়ক:প্ৰদ্যুৎ বৰদলৈক উভতি ধৰিলে মাৰ্ঘেৰিটা বিজেপিয়ে

ABOUT THE AUTHOR

...view details