ধুবুৰী, ছেপ্টেম্বৰ 23 : কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে দণ্ডাধীশ শৈলেন দাসক শাৰিৰীকভাৱে অপদস্থ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে এই ঘটনাৰ তদন্ত ঘোষণা কৰি নামনি অসমৰ আয়ুক্ত মিনাক্ষী সুন্দৰমক তদন্তৰ দায়িত্ব অৰ্পন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কিন্তু সেই সময়তে অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে ক্লীনশ্বিট প্ৰদান কৰে আৰক্ষী অধীক্ষক ৰাজেন সিঙক ৷ আনহাতে এই ঘটনাক লৈ শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ'ল জিলাখনৰ এ চি এছ এচ'ছিয়েচনে ৷
ৰাজেন সিঙক ক্লীনশ্বিট প্ৰদান এগৰাকী মন্ত্ৰীৰ ! - kokrajhar sp rajen singh
আৰক্ষী অধীক্ষক ৰাজেন সিঙে দণ্ডাধীশ শৈলেন দাসক শাৰিৰীকভাৱে অপদস্থ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ যোৱা দহ ছেপ্টেম্বৰত কোকৰাঝাৰৰ হোটেল গৌৰাংভেলীত সঘটিত হৈছিল এই ঘটনা ৷ তাৰ পাচতেই সংবাদ মাধ্যমক এইয়া দুজন বন্ধুৰ মাজৰ কাজিয়া বুলি উল্লেখ কৰে ৰাজেন সিঙে ৷ এই ঘটনাৰ তদন্ত ঘোষণা কৰি নামনি অসমৰ আয়ুক্ত মিনাক্ষী সুন্দৰমক তদন্তৰ দায়িত্ব অৰ্পন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই ক্লীনশ্বিট প্ৰদান কৰিছে ৰাজেন সিঙক ৷
উল্লেখ্য যে, যোৱা দহ ছেপ্টেম্বৰত কোকৰাঝাৰৰ হোটেল গৌৰাংভেলীত সঘটিত হৈছিল এই ঘটনা ৷ তাৰ পাচতেই সংবাদ মাধ্যমক এইয়া দুজন বন্ধুৰ মাজৰ কাজিয়া বুলি উল্লেখ কৰে ৰাজেন সিঙে ৷ আনহাতে তদন্তৰ অন্তত কোন দোষী সেইয়া নিশ্চিত হ'ব বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই ক্লীনশ্বিট প্ৰদান কৰিছে ৰাজেন সিঙক ৷ সোমবাৰে ধুবুৰীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজেন সিং ভাল আৰু ধৈৰ্যশীল মানুহ ৷ সকলো মানুহৰ উপকাৰ কৰিবলৈ চেষ্টা কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ আনহাতে দহ ছেপ্টেম্বৰত যি ঘটনা হৈছিল আৰু যিজনক প্ৰহাৰ কৰিছিল তেওঁ অলপ খাই বেছিকৈ অতিৰঞ্জিত কৰাৰ বাবেই এনেকুৱা ঘটনা হৈছে ৷ এতিয়া প্ৰশ্ন হয়, ঘটনাৰ তদন্ত শেষ নৌহওঁতেই এগৰাকী মন্ত্ৰীয়ে ৰাজেশ সিঙক ক্লীনশ্বিট প্ৰদান কৰাতো কিমান যুক্তি সংগত ৷
আনহাতে, ৰাজেন সিঙৰ এই কাণ্ডক লৈ শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰে এ চি এছ এচ'ছিয়েচনে ৷ সদস্যসকলে ক'লা বেজ পৰিধান কৰি আৰক্ষী অধীক্ষকজনৰ এই কাৰ্যক গৰিহণা দিয়া পৰিলক্ষিত হয় ৷