কোকৰাঝাৰ, 16 এপ্ৰিলঃ ৰঙালী বিহু ৰাজ্যবাসীয়ে আনন্দ উলাহেৰে পালন কৰাৰ সমান্তৰালভাৱে বি টি এডিৰ মূখ্য সদৰ কোকৰাঝাৰতো বাপতি সাহোন ৰঙালী বিহু পালন কৰিলে বিভিন্ন দল সংগঠন আৰু ৰাইজে । অসমীয়াৰ হেপাঁহৰ ৰঙালী বিহুৰ আনন্দ উপভোগ কৰিবৰ বাবে ইউ পি পি এল দলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মই প্ৰচাৰৰ পৰা বিৰত থকাৰ কথা প্ৰকাশ কৰিছে যদিও বি পি এফৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মই বিহু পালন কৰাৰ সমান্তৰালভাৱে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ।
নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালকৈ বিহু উদযাপন প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰ - KOKRAJHAR
কোকৰাঝাৰত মহিলাসকলৰ সৈতে বিহু তথা বৈসাগুৰ গীতৰ তালে তালে কঁকাল ভাঙি নাচিলে বি পি এফৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মই। ৰাজ্যবাসীলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি নিজৰ বিবেক ভোট দি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ জনসাধাৰণলৈ আহ্বান জনায় প্ৰাৰ্থীগৰাকীয়ে ৷
নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালকৈ বিহু উদযাপন প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰ
কোকৰাঝাৰ সদৰ চহৰৰ বাজাৰ ইণ্ডিয়াৰ সন্মুখত থকা পথাৰত চহৰখনৰ বিভিন্ন জনগোষ্ঠীৰ জীয়ৰী,বোৱাৰী সৈতে বিহু তথা বৈশাগুৰ গীতৰ তালে তালে কঁকাল ভাঙি নাচে বি পি এফৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মই। ইয়াৰ পাচতে অহা 23 এপ্ৰিলত বি পি এফৰ মনোনীত প্ৰাৰ্থী হিচাপে নাঙলৰ চিহ্নত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় প্ৰাৰ্থীগৰাকীয়ে। ৰাজ্যবাসীলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি নিজৰ নিজৰ বিবেক দি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ জনসাধাৰণলৈ তেওঁ আহ্বান জনায় ৷