কোকৰাঝাৰ,15 মে': অধ্যৱসায়ৰ পথত বাধা হ'ব নোৱাৰে আৰ্থিক দৈন্যতা ৷ মনত প্ৰৱল ইচ্ছা শক্তি থাকিলে দৈন্যতা কেতিয়াও বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে ৷ ইয়াকেই যেন প্ৰতিপন্ন কৰিলে কোকৰাঝাৰৰ মেধাৱী ছাত্ৰী কবিতাই ৷
সফলতাৰ বাবে লাগে মাথো একাণপতীয়া প্ৰচেষ্টা
মনত প্ৰৱল ইচ্ছা শক্তি থাকিলে দৈন্যতা কেতিয়াও বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে
KOKRAJHAR GIRL
পঢ়িবলৈ সু-ব্যৱস্থা নথকা স্বত্বেও খুকসী গাঁৱৰ কবিতা ৰায়ে একাণপতীয়া প্ৰচেষ্টাৰে অসমীয়া বিষয়ত 80,ইংৰাজী বিষয়ত 82 আৰু সমাজ বিজ্ঞানত লেটাৰসহ 67 শতাংশ নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৷ কানু ৰাম ৰায় আৰু তিলোত্তমা ৰায়ৰ জীয়ৰী কবিতা ৰায়ৰ ফলাফলে অঞ্চলটোলৈ কঢ়িয়াই আনিছে সুখৰ জোৱাৰ ৷ নিজ জীয়ৰীৰ এনে সফলতাত অত্যন্ত সুখী কবিতাৰ পিতৃ-মাতৃ আৰু তেওঁৰ শিক্ষাগুৰুসকল ৷