অসম

assam

ETV Bharat / state

কোকৰাঝাৰত আছুৱে ঘৰে ঘৰে গৈ কৃতী ছাত্ৰী আৰু শিক্ষকক জনালে সম্বৰ্ধনা - দৰিদ্ৰতাক নেওচি প্ৰিয়াৰ সফলতা

দৰিদ্ৰতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলিকি উঠিল কোকৰাঝাৰ জিলাৰ ছালাকাটিত দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী প্ৰিয়া বৰ্মন। ইপিনে কোকৰাঝাৰত আছুৱে ঘৰে ঘৰে গৈ ফুলাম গামোচাৰে কৃতী ছাত্ৰী আৰু শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰে।

দৰিদ্ৰতাক নেওঁচি প্ৰিয়াৰ সফলতা
দৰিদ্ৰতাক নেওঁচি প্ৰিয়াৰ সফলতা

By

Published : Jun 11, 2020, 9:54 PM IST

কোকৰাঝাৰ, 11 জুনঃ দাৰিদ্ৰতা সফলতাৰ কেতিয়াও হেঙাৰ হ'ব নোৱাৰে ৷ সদ্য-ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত তাকেই প্ৰতিপন্ন কৰি জিলিকি উঠিল কোকৰাঝাৰ জিলাৰ ছালাকাটিত এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী। ছাত্ৰী গৰাকীৰ নাম প্ৰিয়া বৰ্মন।

দৰিদ্ৰতাক নেওঁচি প্ৰিয়াৰ সফলতা

ছালাকাটি জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ ছাত্ৰী আছিল প্ৰিয়া বৰ্মন। ছাত্ৰীগৰাকীৰ পিতৃ ব্ৰজেন বৰ্মনৰ দৰিদ্ৰ পৰিয়ালটোৰ দুবেলা দুমুঠি অন্ন আৰু জীয়ৰীক পঢ়া শুনাৰ খা-খৰচ উলিয়াবৰ বাৱে উপাৰ্জনৰ একমাত্ৰ পথ হিচাপে আছিল ছালাকাটি ৰেল ষ্টেচনৰ পদপথত এখন চাহৰ দোকান ৷ পিতৃৰ কষ্টোপাৰ্জিত ধনৰে পঢ়া শুনা কৰা ছাত্ৰী প্ৰিয়া বৰ্মনে নিতৌ আঠ ঘন্টা অধ্যয়ণ কৰি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত তিনিটা বিষয়ত লেটাৰ সহ ষ্টাৰ নম্বৰলৈ উত্তীৰ্ণ হয় । ছাত্ৰী গৰাকীয়ে ইংৰাজীত ৮৩,সাধাৰণ গণিতত ৯১,সাধাৰণ বিজ্ঞানত ৮৩ৰ উপৰি সমাজ বিজ্ঞানত ৭৬,অসমীয়াত ৭৫ আৰু ঐচ্চিক গণিতত ৭৪ নম্বৰ লাভ কৰি সৰ্বঠ ৪৮২ নম্বৰ লাভ কৰিছিল ৷

মন কৰিবলগীয়া যে,ছালাকাটি জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হোৱাৰ কৃতিত্ব অৰ্জন কৰিছে ।

ইপিনে,বৃহস্পতিবাৰে আছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক নৱজ্যোতি ৰায়ৰ নেতৃত্বত তিনিজনীয়া দল এটি ছাত্ৰী প্ৰিয়া বৰ্মনৰ গৃহত উপস্থিত হয় ৷ আছুৰ কোকৰাঝাৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা কৃতী ছাত্ৰী গৰাকীৰ সফলতাক উৎসাহ যোগাবলৈ এখন ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱাৰ উপৰি অধ্যয়নৰ খৰচৰ বাবে কিছু অৰ্থ সাহাৰ্য আগবঢ়ায় ৷

তাৰ পাচতেই আছুৰ দলটো জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক বিমল চন্দ্ৰ দাসৰ বাসগৃহত উপস্থিত হৈ প্ৰধান শিক্ষক গৰাকীক সাক্ষাৎ কৰি বিদ্যালয়খনৰ এশ শতাংশ উত্তীৰ্ণেৰে গঢ়া সফলতাৰ বাবে তেওঁকো সম্বৰ্ধনা জ্ঞাপন কৰে ।

উল্লেখ্য যে,আছুৰ এটা দলে কৃতি ছাত্ৰ ছাত্ৰীক বিচাৰি উলিয়াই ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱাৰ আজিৰে পৰা আৰম্ভ কৰিছে কোকৰাঝাৰত । আছুৰ এই দলটোত আছে কোকৰাঝাৰ জিলা সমিতিৰ শিক্ষা সচিৱ নিৰ্মল ৰায়,কোকৰঝাৰ আঞ্চলিক সমিতিৰ সভাপতি ধৰ্মজিৎ ৰায় আৰু সদস্য মানস প্ৰতিম ৰায় ৷

লগতে চাওকঃ চপৰা-চপৰে এৰাইছে নৱ নিৰ্মিত পকী পথৰ ব্লেক টপিং

ABOUT THE AUTHOR

...view details