কোকৰাঝাৰ, 23 জুলাই:ৰাজ্যপাল শাসন চলি থকা বিটিচি দুৰ্নীতিমুক্ত কৰাৰ কথা কৈ থকাৰ সময়তে এতিয়া ব্যাপক হাৰত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে বিটিএডি অঞ্চলত। এই অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ৷ ৰাইজৰ অভিযোগ মতে, কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ভোটগাও কাচিপাৰা পৰা মলানডুবি সংযোগী পকী পথৰ মাজত আৰ চি চি দলঙ নিৰ্মাণ কৰাত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । কাৰণ দলং নিৰ্মাণৰ কাম সম্পন্ন নৌহতেই এতিয়া দলঙৰ দুয়োফালৰ অংশত মেলিছে চিৰাল ফাট ।
লগতে সেয়াই নহয় দলঙখনৰ দুয়োটা অংশও ক্ৰমাৎ তললৈ নামি পৰিছে । স্থানীয় ৰাইজে দলংখন ভালকৈ বনাই দিব লাগে বুলি পূৰ্বেই দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ মনিৰাজ ব্ৰহ্মা তথা তেওঁৰ সহযোগীক প্ৰথমেই স্পষ্টকৈ সকিয়াই দিছিল । সেই সময়ত দলংখন ভালকৈ নিৰ্মাণ কৰা আশ্বাস প্ৰদান কৰিছিল যদিও নিৰ্মাণ কাৰ্যত দেখা গ’ল চৰম গাফিলতি । ফলত সংবাদ মাধ্যমৰ আগত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ।