অসম

assam

ETV Bharat / state

দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাত উপস্থিত বিনোদ সোণকৰ - ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল টিটিএএডিচি

দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাত উপস্থিত বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক বিনোদ সোণকৰ ৷ ত্ৰিপুৰাৰ ৰাজ্যিক বিজেপিত বিৰাজ কৰা দলীয় অসন্তুষ্টিৰ মাজতে সাংগঠনিক সভাত অংশ লোৱাৰ উদ্দেশ্যে ত্ৰিপুৰাত উপস্থিত কেন্দ্ৰীয় পৰ্যবেক্ষক গৰাকী ৷ দলীয় মতভেদৰ মাজতে এজনৰ পাছত আনজন নেতা মন্ত্ৰীৰ দিল্লীলৈ গমন ৷

দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাত উপস্থিত বিনোদ সোণকৰ
দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাত উপস্থিত বিনোদ সোণকৰ

By

Published : Jan 6, 2021, 8:49 PM IST

আগৰতলা, 6 জানুৱাৰী:ত্ৰিপুৰা ৰাজ্যিক বিজেপিত বিৰাজ কৰা তীব্ৰ মতভেদ আৰু অসন্তুষ্টিৰ মাজতে বুধবাৰে ৰাজ্যখনত দ্বিতীয়বাৰৰ বাবে বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক বিনোদ সোণকৰ আহি উপস্থিত হয় ৷

বুধবাৰে পুৱা বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক গৰাকী ত্ৰিপুৰাত উপস্থিত হয়

ৰাজ্যখনত অতি শেহতীয়া ভ্ৰমণৰ সময়ত যথেষ্ট তিক্ত অভিজ্ঞতাৰ সন্মুখীন হোৱা সোণকৰৰ এইবাৰৰ ভ্ৰমণসূচী কিছু পৃথক ধৰণেৰে প্ৰস্তুত কৰা হৈছে ৷ মুঠ তিনিদিনৰ এই ভ্ৰমণ কাৰ্যসূচীত বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক গৰাকীয়ে ৰাজ্যখনৰ কেইবাখনো ঠাইত সাংগঠিনক সভাত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷ বুধবাৰে পুৱা ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদকদ্বয় ক্ৰমে টিংকু ৰয় আৰু পাপিয়া দত্তই আগৰতলাৰ এমবিবি বিমানবন্দৰত সোণকৰক আদৰণি জনায় ৷

তেওঁৰ দ্বিতীয়বাৰৰ এই ভ্ৰমণৰ উদ্দেশ্য সম্বন্ধে বিমানবন্দৰত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত সোণকৰে কয় যে এই ভ্ৰমণত ব্যতিক্ৰম একো নাই, দল আৰু সংগঠনৰ কাম কাজ পৰ্যবেক্ষণৰ বাবে তেওঁ ৰাজ্যখনলৈ আহি থাকিব ৷

ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল (টিটিএএডিচি) আৰু আৰবান বডী নিৰ্বাচন সন্দৰ্ভত সোণকৰে কয় যে বিজেপিয়ে 2018 ৰ ইতিহাসৰ পুনৰাবৃত্তি কৰিব ৷ তেওঁ লগতে কয় যে তেওঁৰ বিশ্বাস আছে যে দলীয় কৰ্মী সকলে সুচাৰুৰূপে কাম কৰি আছে সেইসকল কৰ্মীয়ে দলৰ জয় সুনিশ্চিত কৰিব ৷

মন কৰিব লগীয়া কথা এইয়ে যে দলৰ কেন্দ্ৰীয় তথা শীৰ্ষ নেতৃত্বই সকলো ঠিকে থকা যেন বুজাব বিচাৰিলেও দেখা গৈছে যে বিসম্বাদী বিধায়ক আৰু নেতা সকলে এতিয়াও আশা কৰি আছে যে প্ৰায় এমাহ পূৰ্বে তেওঁলোকে অৱগত কৰা অভিযোগ সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্বই এক ইতিবাচক সহাৰি প্ৰদান কৰিব ৷

এফালে পৰিস্থিতিৰ বুজ ল'বলৈ কেন্দ্ৰীয় পৰ্যবেক্ষক গৰাকী ত্ৰিপুৰাত উপস্থিত হোৱাৰ পৰিৱৰ্তে বিসম্বাদী দলৰ বিধায়ক ৰাম প্ৰসাদ পাল দিল্লীলৈ উৰা মাৰি ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু বিনোদ সোণকৰৰ হৈতে পৃথকে বৈঠকত মিলিত হৈছে বুলি জানিব পৰা গৈছে ৷ বিধায়ক সুদীপ ৰয় বৰ্মনো কিছুদিন পূৰ্বে দিল্লীলৈ উৰা মাৰিছিল আৰু 7 জানুৱাৰীত আৰক্ষী সপ্তাহৰ নিৰ্ধাৰিত কাৰ্যসূচী বাতিল কৰি মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ মঙলবাৰে দিল্লীলৈ বুলি ৰাওনা হয় ৷
লগতে পঢ়ক:দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰালৈ আহিব বিজেপিৰ পৰ্যবেক্ষক বিনোদ সোণকৰ

ABOUT THE AUTHOR

...view details