কোকৰাঝাৰ , 21 ফেব্ৰুৱাৰী: 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যেই প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে কুচকাৱাজ ৷ কিন্তু আগন্তুক লোকসভা নিৰ্বাচনৰ মিত্ৰতাৰ প্ৰসংগ এতিয়াও স্পষ্ট হোৱা নাই ৷ বৰ্তমানলৈকে কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাক লৈ অব্যাহত আছে অনিশ্চয়তা ৷ এফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে বদৰুদ্দিন আজমলেৰে মিত্ৰতাৰ প্ৰসংগ ৷ কিন্তু AICCৰ সৈতে ভাল সম্পৰ্ক আছে বুলি বাৰে বাৰে দাবী কৰি আহিছে বদৰুদ্দিন আজমলে (Congress AIUDF conflict) ৷
ভূপেন বৰাই সিদ্ধান্ত নিদিলেও যে, কংগ্ৰেছৰ হাইকামাণ্ডৰ সৈতে মিত্ৰতা সন্দৰ্ভত আজমলে যোগাযোগ অব্যাহত ৰাখিছে সেই কথা স্পষ্ট হৈ পৰিছে ৷ কিন্তু লোকসভা নিৰ্বাচনত বড়োভূমিৰ ৰাজনীতিয়ে কি প্ৰভাৱ পেলাব সেয়াও বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে ৷ বড়ো ভূমিত বিজেপিয়ে বিপিএফ আৰু ইউপিপিএলৰ সংঘাতৰ সুবিধা গ্ৰহণ কৰিব বিচাৰিছে নেকি (BTR Politics) ?
ইতিমধ্যেই প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL আৰু হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPFৰ মাজত অব্যাহত আছে সংঘাত ৷ শেহতীয়াকৈ হাগ্ৰামা মহিলাৰীৰ শাসনকালত বিটিআৰত সংঘটিত হোৱা দুৰ্নীতিক লৈ পুনৰ সৰৱ হৈছে প্ৰমোদ বড়ো (BTR Chief Pramod Bodo) ৷ তেনে পৰিস্থতিত হাগ্ৰামা মহিলাৰীয়েও প্ৰমোদ বড়োক আক্ৰমণ কৰিবলৈ এৰা নাই ৷ দুয়োটা দলৰ মাজত এইদৰে সংঘাত অব্যাহত থকাৰ মাজতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই অতি তাৎপৰ্যপূৰ্ণভাৱে বড়োভূমিত আমি ভাগ ভাগ হ’ব বিচৰা নাই বুলি মন্তব্য কৰিছে ৷ অৰ্থাৎ বড়োভূমি দখলৰ বাবে মিত্ৰদল UPPL ৰ সৈতে BPF কো সাঙুৰিব ল’ব বিচাৰিছে ৰাজ্যিক বিজেপিয়ে (UPPL and BPF alliance) ৷
কিন্তু ইয়াৰ মাজতে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে (Hagrama Mohilary) স্পষ্টকৈ কয় যে, ‘‘আমি আন দলৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰোঁ ৷ মিত্ৰতা কৰিলে সমস্যা হয় ৷’’ অৰ্থাৎ আন দলৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনৰ জয়ৰ কথা বৰ্তমানলৈকে হয়তু চিন্তা চৰ্চা কৰা নাই বিপিএফে (Hagrama Mohilary on alliance with BJP) ৷
লগতে হাগ্ৰামা মহিলাৰীৰ দাবী, কোকৰাঝাৰ আৰু মঙলদৈ লোকসভা সমষ্টি অকলে প্ৰতিদ্বন্দিতা কৰিয়েই নিজৰ দখললৈ আনিব BPF এ ৷ ইফালে, আৰক্ষীৰ ভয়ত বহুদিন ধৰি পশ্চিমবংগৰ শিলিগুৰিত আত্মগোপন কৰি আছিল বুলিও মন্তব্য কৰিছে হাগ্ৰামাই ৷ ইয়াৰ পৰা এটা কথা বুজিব পাৰি যে, প্ৰমোদ বড়োৱে হয়তু টোপনি কাঢ়িছে হাগ্ৰামাৰ ৷ এনে পৰিস্থিতি বড়োভূমিত একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিম বুলি বিজেপিয়ে কলেও কি হ’ব BPF আৰু UPPLৰ স্থিতি সেয়া এতিয়া লক্ষ্যনীয় বিষয় হৈ পৰিছে (UPPL and BPF conflict) ৷