অসম

assam

ETV Bharat / state

কোকৰাঝাৰত অবৈধ অস্ত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান - BPF President Hagrama Mahilary

বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ঠ তথা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ অধ্যক্ষ জনমোহন মুছাহাৰীৰ কোকৰাঝাৰস্থিত বাসভৱনত আৰক্ষীৰ অভিযান ৷ গোঁসাইগাঁৱৰ শৰাইবিল অঞ্চলত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ অধ্যক্ষগৰাকীৰ বাসভৱনত তালাচী চলায় ৷

Police search operation against illegal arms in kokrajhar assam etv bharat news
কোকৰাঝাৰত অবৈধ অস্ত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

By

Published : Feb 4, 2021, 7:56 PM IST

Updated : Feb 4, 2021, 8:39 PM IST

কোকৰাঝাৰ,4 ফেব্ৰুৱাৰী:বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ঠ তথা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ অধ্যক্ষ জনমোহন মুছাহাৰীৰ কোকৰাঝাৰস্থিত বাসভৱনত বৃহস্পতিবাৰে আৰক্ষীয়ে তালাচী অভিযান চলায় ৷ বিগত মঙলবাৰে জিলাখনৰ গোঁসাইগাঁও মহকুমাৰ শৰাইবিল অঞ্চলত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ অধ্যক্ষগৰাকীৰ বাসভৱনত তালাচী চলায় ৷ মুছাহাৰীৰ বাসগৃহত আৰক্ষীয়ে তালাচী চলোৱাক কেন্দ্ৰ কৰি চহৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

কোকৰাঝাৰত অবৈধ অস্ত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

উল্লেখ্য যে,জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশন, অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰমে মুকুট ৰাভা আৰু ৰোজীৰাণী শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে বৃহস্পতিবাৰে দুপৰীয়া মুছাহাৰীৰ বাসগৃহত উপস্থিত হৈ অভিযান আৰম্ভ কৰে ৷ প্ৰায় চাৰি ঘণ্টা ধৰি আৰক্ষীৰ দলটোৱে মেটেল ডিটেক্টৰৰ সহায়ত মুছাহাৰীৰ দুমহলীয়া বাসগৃহৰ প্ৰতিটো কোঠাত তন্ন-তন্নকৈ তালাচী চলায় ৷ জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে,গোঁসাইগাঁৱৰ শৰাইবিলৰ নাশ্ৰাইবিলত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হোৱা ঘটনাৰ সন্দৰ্ভতে এই অভিযান চলোৱা হৈছে ৷ মূলতঃ অবৈধ অস্ত্ৰ মজুত ৰখাক কেন্দ্ৰ কৰি এই তালাচী চলোৱা হৈছে ৷ আৰক্ষীয়ে এই অভিযানকালত কেতবোৰ আপত্তিজনক সা-সামগ্ৰী উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে ৷ কিন্তু এই বিষয়ে সবিশেষ তথ্য প্ৰকাশৰ পৰা বিৰত থাকে আৰক্ষী অধীক্ষকগৰাকী ৷

কোকৰাঝাৰত অবৈধ অস্ত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ইপিনে সন্ধিয়া মুছাহাৰীয়ে বাসগৃহত এক সংবাদমেল আয়োজন কৰি, 2003 চনত অস্ত্ৰ সম্বৰণৰ পিছত শান্তিৰ হকে 2006 চনত প্ৰাক্তন বিএলটি কল্যাণ পৰিষদ গঠন কৰি কাম-কাজ কৰি থকাৰ কথা ব্যক্ত কৰে ৷ তাৰবাবে অসম আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ লগতে সেনা বাহিনীকো সহযোগ কৰি কৰা বুলি উল্লেখ কৰে মুছাহাৰীয়ে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে চলোৱা এই তালাচীৰ অন্তৰালত ৰাজনৈতিক ষড়যন্ত্ৰ থকাৰ আশংকা ব্যক্ত কৰে জনমোহন মুছাহাৰীয়ে ৷ মুছাহাৰীৰ ঘৰত পাবলৈ একো নাই বুলি মন্তব্য কৰি তালাচীৰ সময়ছোৱাত আৰক্ষীয়ে একাংশ বেংক একাউণ্ট, আ-অলংকাৰ, দুটা এয়াৰ গান আৰু কিছু পৰিমাণৰ নগদ ধন জব্দ কৰা বুলি প্ৰকাশ কৰে ৷

জনৰাম মুছাহাৰীৰ ঘৰত অভিযান

উল্লেখ্য যে,বিগত মঙলবাৰে নিশা গোঁসাইগাঁৱৰ শৰাইবিল উপ-আৰক্ষী চকীৰ অন্তৰ্গত নাশ্ৰাইবিলত আৰক্ষীয়ে অভিযান চলাই এখন স্ক’ৰপিঅ’ৰ পৰা বহু সংখ্যক অত্যাধুনিক মাৰণাস্ত্ৰসহ বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰাৰ লগতে ইয়াৰ সৈতে জড়িত 6 জন লোকক আটক কৰিবলৈ সক্ষম হৈছিল ৷

লগতে চাওকঃশব্দ প্ৰদূষণে জন্তু আৰু পক্ষীৰ ওপৰত পেলোৱা কাৰকসমূহ...

Last Updated : Feb 4, 2021, 8:39 PM IST

ABOUT THE AUTHOR

...view details