অসম

assam

ETV Bharat / state

এনডিএফবি (প্ৰ)ৰ ডেজিগনেটেড শিবিৰত আৰক্ষীৰ অভিযান - ডেজিগনেটেড শিবিৰ

কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰিৰ কুমগুৰিস্থিত এনডিএফবি (প্ৰ)ৰ ডেজিগনেটেড শিবিৰৰ বুধবাৰে হঠাতে আৰক্ষী প্ৰশাসনে প্ৰৱেশ কৰি সদস্য হিচাব বিচাৰি আৰম্ভ কৰে গণনা ।

এনডিএফবি (প্ৰ)ৰ ডেজিগনেটেড শিবিৰত আৰক্ষীৰ অভিযান

By

Published : Sep 6, 2019, 5:03 AM IST

কোকৰাঝাৰ, 6 ছেপ্টেম্বৰ : এনডিএফবি (প্ৰ)ৰ বহিষ্কৃত প্রাক্তন সভাপতি ধীৰেন বড়োৱে এখন সমান্তৰাল সমিতি গঠন কৰাৰ পাছত আৰু বাগছা জিলাৰ বৰবৰীত থকা এনডিএফবি (প্ৰ)ৰ ডেজিগনেটেড শিবিৰত ধীৰেন বড়োৱে নিজৰ কব্জাত লোৱা বুলি চৰ্চিত হোৱাৰ পিছত হঠাতে কোকৰাঝাৰ সেৰফাংগুৰিৰ কুমগুৰিস্থিত এনডিএফবি (প্ৰ)ৰ ডেজিগনেটেড শিবিৰৰ আৰক্ষী প্ৰশাসনে বুধবাৰে হিচাব বিচাৰি গণনা কৰাত ৰহস্যৰ সৃষ্টি হৈছে । কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী বিষয়া তাবোৰাম পেগুৰ নেতৃত্বত এটি অসম আৰক্ষী দলে সদস্য হিচাব বিচাৰি গণনা কৰে যদিও প্ৰশাসনে গণনাৰ কোনো তথ্য সদৰী কৰা নাই।

এনডিএফবি (প্ৰ)ৰ ডেজিগনেটেড শিবিৰত আৰক্ষীৰ অভিযান

কুমগুৰিস্থিত এনডিএফবি (প্ৰ)ৰ সহকাৰী প্ৰচাৰ সচিব বি. বান্দেয়ে প্ৰকাশ কৰা মতে প্রাক্তন সভাপতি ধীৰেন বড়োৱে কেইজনমান কেডাৰ আৰু বাক্সাৰ বৰবৰী ডেজিগনেটেড শিবিৰক লৈ বিভাজনত আছে । তেওঁ বহু কেডাৰ লগত আছে বুলি দাবী কৰাতো ভিত্তিহীন । ৰাজনীতিক মুনাফাৰ বাবে চৰকাৰে এনে কৰিছে বুলি অভিযোগ কৰে বি. বান্দেয়ে । বড়োৰ এনেকৈ ভিত্তিহীন কথাৰ কাৰণে চৰকাৰে সদস্য হিচাব কৰিব পাৰে বুলি উল্লেখ কৰে এনডিএফবি (প্ৰ)ৰ সহকাৰী প্ৰচাৰ সচিবগৰাকীয়ে উল্লেখ কৰে ।

উল্লেখ্য যে, সম্প্ৰতি সেৰফাংগুৰিৰ কুমগুৰিস্থিত এনডিএফবি (প্ৰ)ৰ ডেজিগনেটেড শিবিৰত 789 গৰাকী, ওদালগুৰিৰ চাপখাইটিত 281 গৰাকী আৰু বাক্সা জিলা বৰবৰী ডেজিগনেটেড শিবিৰত 82 গৰাকী এনডিএফবি (প্ৰ)ৰ নেতা কেডাৰ আছে ।

ABOUT THE AUTHOR

...view details