অসম

assam

বিপিএফ নেতাৰ ঘৰত আৰক্ষীৰ আকস্মিক তালাচী !

By

Published : Jul 17, 2020, 10:32 PM IST

শুকুৰবাৰে বিপিএফ নেতাৰ ঘৰত আৰক্ষীৰ আকস্মিক তালাচী অভিযান ৷ সমগ্ৰ ঘটনাৰ বুজ ল’বলৈ উপস্থিত হয় জাতীয় সংগঠন ৷

Police raid BPF leader's house
বিপিএফ নেতাৰ ঘৰত আৰক্ষীৰ আকস্মিক তালাচী !

কোকৰাঝাৰ, 17 জুলাই : বিপিএফ নেতাৰ ঘৰত আৰক্ষীৰ আকস্মিক তালাচী অভিযানে চাঞ্চল্যৰ সৃষ্টি কৰিছে কোকৰাঝাৰত ৷ সমগ্ৰ ঘটনাৰ বুজ ল’বলৈ উপস্থিত হৈছে জাতীয় সংগঠন ৷ সমাগত বিটিচি নিৰ্বাচন ৷ কৰ’ণা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ মাজতো ৰাজনৈতিক দল সমূহে বিটিএডি অঞ্চলত অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ অভিযান‌ । ফলস্বৰূপে বিভিন্ন প্ৰান্তত সংঘটিত হোৱা দেখা পোৱা গৈছে নিৰ্বাচন কেন্দ্ৰীক সংঘাতো ।

বিপিএফ নেতাৰ ঘৰত আৰক্ষীৰ আকস্মিক তালাচী !

তেনে এক সময়তে ভাৰত-ভূটান সীমান্তত সংঘটিত হৈছে এক ৰাজনৈতিক ষড়যন্ত্ৰৰ ঘটনা । অৱশ্যে এয়া আমি কোৱা কথা নহয়,এই কথা খোদ স্বীকাৰ কৰিছে ভুক্তভোগীয়ে । ভুক্তভোগীয়ে সদৰী কৰা মতে ভাৰত-ভূটান সীমান্ত অঞ্চল তথা কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শৰলপাৰাত ভুক্তভোগী বিপিএফৰ প্ৰাইমাৰী কমিটিৰ সভাপতিৰ ঘৰত আকস্মিক ভাৱে তালাচী অভিযান চলাই আৰক্ষী প্ৰশাসনে ।

শৰলপাৰা প্ৰাইমাৰী কমিটি বিপিএফৰ সভাপতি সূৰ্য চেত্ৰীৰ বাহগৃহত কোনো জাননী জাৰি নিদিয়াকৈ বিপিএফৰ নেতাৰ ঘৰত আৰক্ষীয়ে তালাচী চলাই ছয় লাখতকৈও অধিক টকা উদ্ধাৰ কৰি টকাৰ হিচাপ বিচাৰি বিপিএফৰ নেতা গৰাকীৰ পেনকাৰ্ড লৈ আনে কোকৰাঝাৰ আৰক্ষীয়ে। আৰক্ষীয়ে তেনে কাৰ্য কৰাৰ আঁৰত ইউপিপিএল দলৰ ৰাজনৈতিক ষড়যন্ত্ৰ আছে বুলি অভিযোগ উত্থাপন কৰে বিপিএফৰ নেতাগৰাকীয়ে ।

আনহাতে এনে এটা অশান্ত পৰিৱেশৰ সন্মুখীন হোৱা ঘটনাৰ বুজ ল’বলৈ ভুক্তভোগীৰ বাসগৃহত উপস্থিত হয় সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আগছুৰ কেন্দ্ৰীয় সমিতিৰ এটা সঁজাতি দল ।

লগতে চাওক-আজিও স্বাভাৱিক অৱস্থালৈ অহা নাই নলবাৰীৰ বান পৰিস্থিতি

ABOUT THE AUTHOR

...view details