অসম

assam

ETV Bharat / state

গোসাইগাঁৱৰ পানীজানীত বৃহৎ পৰিমানৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ - বিটিচি নিৰ্বাচন

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত দুই নম্বৰ পানীজানী গাঁৱত আৰক্ষীৰ অভিযান । অভিযান কালত উদ্ধাৰ হৈছে এক বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ । এক গোপন সূত্ৰ তথ্যৰ ভিত্তিত কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে সোমবাৰে গোসাঁইগাঁৱৰ দুই নম্বৰ পানীজানী গাঁৱত চলাইছিল অভিযান ।

police operation against terror at panijhar of gosaigaon sub division
গোসাইগাঁৱৰ পানীজানীত উদ্ধাৰ বৃহৎ পৰিমানৰ অস্ত্ৰ শস্ত্ৰ

By

Published : Aug 10, 2020, 8:15 PM IST

গোসাইগাঁও, ১০আগষ্ট: সোমবাৰৰ এই অভিযান কালত কোকৰাঝাৰ আৰক্ষীয়ে এটা বৃহৎ পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । গোসাইগাঁও আৰু কোকৰাঝাৰ আৰক্ষীৰ এই যৌথ অভিযানটোৰ নেতৃত্ব দিছিল জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভাই ।

গোসাইগাঁৱৰ পানীজানী গাঁৱৰ হাবিৰ মাজত পলিঠিনেৰে মেৰিয়াই মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় এই অস্ত্ৰ-শস্ত্ৰ খিনি ।

আৰক্ষীৰ এই সফল অভিযানত উদ্ধাৰ হৈছে দুটা স্বয়ংক্ৰিয় একে ৪৭, তিনিটা মেগজিন, একে ৭:৬২ এমএমৰ সজীৱ গুলী, ৩৬ এইচ ইৰ দুটা গ্ৰেনেড আৰু দুটা ডিটেনেটৰ । উদ্ধাৰ হোৱা এই অস্ত্ৰখিনি পূৰ্বৰ কোনো উগ্ৰপন্থী সংগঠনৰে হ'ব বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ।

গোসাইগাঁৱৰ পানীজানীত উদ্ধাৰ বৃহৎ পৰিমানৰ অস্ত্ৰ শস্ত্ৰ

আগন্তক বিটিচি নিৰ্বাচনৰ পূৰ্বে জিলাখনৰ লগতে বিটিচি এলেকাত এনেদৰে সঘনাই অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ হৈ থকা ঘটনাই এতিয়া অধিক তাৎপৰ্য বহন কৰিছে ।

পূৰ্বে শান্তি আলোচনাত বহি মূলসূতিলৈ অহা কোনো উগ্ৰপন্থী সংগঠনৰ সদস্যই বিটিচি নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত ৰক্তাক্ত পৰিবেশ সৃষ্টি কৰাৰ পৰিকল্পনাৰে এনেদৰে অস্ত্ৰ শস্ত্ৰ লুকাৱাই ৰখাৰো সন্দেহ কৰিছে আৰক্ষীয়ে ।

ABOUT THE AUTHOR

...view details