অসম

assam

ETV Bharat / state

Police officer arrested in Kokrajhar: বিবাহৰ ছালনাৰে যুৱতীক প্ৰতাৰণা, আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ - Kokrajhar Police Arrests Sipajhar SI

কোকৰাঝাৰ জিলাৰ চিথিলাৰ শালবাৰী নিৱাসী তথা ছিপাঝাৰ থানাত কৰ্মৰত আৰক্ষী পৰিদৰ্শক নিতাই চন্দ্ৰ ৰায়ক ফকিৰাগ্ৰাম আৰক্ষীয়ে আটক কৰা ঘটনাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ এগৰাকী যুৱতীক প্ৰেম আৰু বিবাহৰৰ ছলনাৰে ধৰ্ষণ, ব্লেকমেইল আৰু শাৰিৰীক-মানসিক নিৰ্যাতন কৰা আদিকে ধৰি আন কেবাটাও গুৰুতৰ অভিযোগৰ ভিত্তিত আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰায়ক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (Police officer arrested in Kokrajhar) ৷

Police officer arrested in Kokrajhar
আৰক্ষী বিষয়াৰ কু-কৰ্ম

By

Published : May 9, 2023, 10:24 PM IST

নিৰ্যাতনৰ অভিযোগত আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ

কোকৰাঝাৰ, 9 মে’: কোকৰাঝাৰ জিলাৰ চিথিলাৰ শালবাৰী নিৱাসী তথা ছিপাঝাৰ থানাত কৰ্মৰত আৰক্ষী পৰিদৰ্শক নিতাই চন্দ্ৰ ৰায়ক ফকিৰাগ্ৰাম আৰক্ষীয়ে আটক কৰা ঘটনাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ এগৰাকী যুৱতীক প্ৰেম আৰু বিবাহৰৰ ছলনাৰে ধৰ্ষণ, ব্লেকমেইল আৰু শাৰীৰিক-মানসিক নিৰ্যাতন কৰা আদিকে ধৰি আন কেবাটাও গুৰুতৰ অভিযোগৰ ভিত্তিত আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰায়ক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ নিৰ্যাতিতা যুৱতীগৰাকীৰ এজাহাৰ (নং-৫০/২৩)ৰ ভিত্তিত ছিপাঝাৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিষয়াজনক আজি কোকৰাঝাৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় (Police officer arrested in alleged sexual abuse) ৷

নিৰ্যাতিতা যুৱতীগৰাকীয়ে এজাহাৰত উল্লেখ কৰা মতে, ছিপাঝাৰ থানাত কৰ্মৰত তথা কোকৰাঝাৰ জিলাৰ চিথিলাৰ শালবাৰী নিৱাসী ৰমেশ চন্দ্ৰ ৰায়ৰ সন্তান আৰক্ষী পৰিদৰ্শক নিতাই চন্দ্ৰ ৰায়ে 2018 চনৰ 18 জানুৱাৰীত তেওঁক সামাজিকভাৱে আঙুঠি পিন্ধাইছিল ৷ আঙুঠি পিন্ধোৱা পৰ্বৰ পিছত নিতাই চন্দ্ৰ ৰায়ে যুৱতীগৰাকীৰ ঘৰলৈ সময়-সুযোগ পালেই গৈছিল আৰু তেনেদৰে 2019 চনৰ 7 ফেব্ৰুৱাৰীত নিতাই চন্দ্ৰ ৰায়ে যুৱতী গৰাকীক নিজৰ বাসগৃহ দেখুৱাবলৈ লৈ আহে ৷ সেইসময়ত বাসগৃহত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে (Police officer arrested in Kokrajhar) ৷

এই অপৰাধ সংঘটিত কৰাৰ পিছত ঘটনাৰ বিষয়ে কাকো নজনাবলৈ নিতাই চন্দ্ৰ ৰায়ে যুৱতী গৰাকীক ভাবুকি দিয়ে আৰু শীঘ্ৰেই বিয়া কৰাব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷ ইয়াৰ পিছত 2020 চনৰ 7 অক্টোবৰত নিচাসক্ত অৱস্থাত চৌহদৰ বেৰ জপিয়াই নিতাই চন্দ্ৰ ৰায়ে যুৱতীগৰাকীৰ ঘৰত প্ৰৱেশ কৰি যুৱতীগৰাকী আৰু পৰিয়ালৰ লোকক অকথ্য ভাষাৰে গালি-গালাজ কৰাৰ উপৰিও শাৰিৰীকভাৱেও নিৰ্যাতন চলায় ৷ ইয়াৰ পিছতো যুৱতীগৰাকী তথা যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে বিবাহৰ কথা কোৱাত ক’ভিড 19 প্ৰট’কলৰ দোহাই দি বিবাহৰ পৰা আঁতৰি থাকে বিষয়াজন (Sipajhar SI In Alleged Sexual Abuse Case) ৷

ইয়াৰ পিছত 2022 চনৰ প্ৰথমভাগত নিতাই চন্দ্ৰ ৰায়ে যুৱতীগৰাকীক তেওঁৰ কৰ্মস্থলীলৈ যাবলৈ লগ ধৰাত যুৱতীগৰাকীয়ে এই প্ৰস্তাৱ নাকচ কৰাত নিতাই চন্দ্ৰ ৰায়ে যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ ভিডিঅ' ক্লিপ আৰু অন্তৰংগ মূহুৰ্তৰ ফটো দেখুৱাই ব্লেকমেইলিং আৰম্ভ কৰে ৷ তেনেকৈয়ে বহুবাৰ অপকৰ্মত লিপ্ত হোৱাৰ ফলত যুৱতীগৰাকী অন্তসত্বা হয় আৰু বিষয়টো নিতাই চন্দ্ৰ ৰায়ক অৱগত কৰাত তেওঁ 2022 চনৰ 27 ডিচেম্বৰত যুৱতীগৰাকীৰ বাসগৃহত উপস্থিত হয় (Kokrajhar Police Arrests Sipajhar SI) ৷

কৰ্টমেৰিজ কৰিম বুলি যুৱতীগৰাকীক নিজ ঘৰলৈ লৈ আহি নিতাই চন্দ্ৰ ৰায়ে ষ্টাম্প পেপাৰত চহী লয় যুৱতীগৰাকীৰ ৷ ইয়াৰ পিছতে যুৱতীগৰাকীক বলপূৰ্বক টেবলেট সেৱন কৰোৱাই যাৰ ফলত গৰ্ভস্থ সন্তান নষ্ট হয় যুৱতীগৰাকীৰ ৷ এই ঘটনাৰ পিছতে নিতাই চন্দ্ৰ ৰায় পুনৰ নিজ কৰ্মস্থলীলৈ উভতি যায় ৷ পুনৰাই 2023 চনৰ 16 জানুৱাৰীত নিতাই চন্দ্ৰ ৰায়ে বিবাহৰ বাবে আলোচনা কৰিবলৈ যুৱতীগৰাকীক তেওঁলোকৰ পৰিয়ালৰ সদস্যক মাতিবলৈ কয় আৰু সেইমৰ্মে পৰিয়ালৰ সদস্যসকল উপস্থিত হোৱাত যৌতুক দাবী কৰে বিষয়াজনে ৷ যৌতুকৰ দাবী যুৱতীগৰাকীৰ পৰিয়ালে পূৰণ কৰিব নোৱাৰাত সামাজিকভাৱে বিবাহ কৰিবলৈ অস্বীকাৰ কৰে আৰু ঘৰৰ পৰা ওলাই যাবলৈ যুৱতীগৰাকীক নিৰ্দেশ দিয়ে নিতাই চন্দ্ৰ ৰায়ে ৷ তদুপৰি 21 ফেব্ৰুৱাৰীত নিতাই চন্দ্ৰ ৰায়ে যুৱতীগৰাকীক মাজনিশা প্ৰহাৰ কৰাৰো অভিযোগ তুলিছে যুৱতীগৰাকীয়ে (Alleged sexual abuse case against police officer) ৷

বিবাহৰ প্ৰলোভনেৰে যুৱতীগৰাকীক ঘৰলৈ আনি শাৰিৰীক-মানসিকভাৱে নিৰ্যাতন চলাই অহাৰ পিছত 19 এপ্ৰিলত আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰায়ে আন এগৰাকী যুৱতীক ঘৰলৈ আনে ৷ আন এগৰাকী যুৱতীক ঘৰলৈ অনা কথাৰ প্ৰতিবাদ কৰাত নিতাই চন্দ্ৰ ৰায়ে নিৰ্যাতিতা যুৱতীগৰাকীক কটু কথা শুনাই ৷ ইয়াৰ পিচত 27 এপ্ৰিলৰ নিশা অচিনাক্ত লোকে ভুক্তভোগী যুৱতীগৰাকীৰ কোঠাত প্ৰৱেশ কৰিবলৈ দুৱাৰত ঢকিওৱাত এই ঘটনাৰ বিষয়ে নিতাই চন্দ্ৰ ৰায়ক অৱগত কৰাত পিতৃ গৃহলৈ গুচি যাবলৈ নিৰ্দেশ দিয়ে যুৱতীগৰাকীক ৷

নিৰ্যাতিতা যুৱতীগৰাকীয়ে প্ৰাণৰ সংশয়ত ভোগা বুলি এজাহাৰত উল্লেখ কৰি এতিয়া ন্যায় প্ৰদান কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে ৷ উল্লেখ্য যে, আজি অভিযুক্ত আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰায়ক আদালতত হাজিৰ কৰাৰ পিছত আৰক্ষীয়ে পাঁচদিনৰ জিন্মালৈ বিচাৰিছিল যদিও আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে ৷ প্ৰণিধানযোগ্য যে আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰায় ইয়াৰ পূৰ্বেও কু-কৰ্মৰ সতে জড়িত আছিল আৰু এগৰাকী বিতৰ্কিত আৰক্ষী বিষয়া হিচাপে পৰিচিত আছিল ৷ জনসাধাৰণৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী বিষয়াৰ এনে কু-কৰ্মই এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে নিতাই চন্দ্ৰ ৰায়ৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩১৩/ ৩৫৪(চি)/ ৩৭৬/ ৪২০; ৬৭(এ) আই.টি এক্টৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷

লগতে পঢ়ক:Crime against Women: বৰ্ধিত নাৰীজনিত অপৰাধৰ ন্যায় বিচাৰি স্মাৰক পত্ৰ প্ৰদান অসম তৃণমূল মহিলা কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details