অসম

assam

ETV Bharat / state

কোকৰাঝাৰত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা - sp kokrajhar

শুকুৰবাৰে নৈশ সান্ধ্য আইন চলি থকাৰ সময়তে কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ বড়োলেণ্ড নামৰ ধাবা এখনৰ সন্মুখত আৰক্ষীৰ গুলীত প্ৰাজীৱ শীল বসুমতাৰী নামৰ যুৱক এজন আহত হয় ৷ আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হোৱা প্ৰাজীৱ শীল বসুমতাৰী যোৱা কেইদিনমান পূৰ্বে জিলাখনৰ শ্ৰীৰামপৰত বন্ধন বেংকত সংঘটিত হোৱা ডকাইতিৰ সৈতে জড়িত আছিল বুলি জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে সাংবাদিকৰ আগত সদৰী কৰে ৷

FIRING AT KOKRAJHAR
কোকৰাঝাৰত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা

By

Published : May 1, 2021, 8:23 PM IST

কোকৰাঝাৰ,১ মে':শুকুৰবাৰে নিশা কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । নৈশ সান্ধ্য আইন চলি থকাৰ মাজতে লগতে নিৰ্বাচনৰ ভোটগণনাৰ প্ৰাকক্ষণত জিলাখনত গুলীচালনাৰ ঘটনা সংঘটিত হয় । জিলাখনৰ কাৰিগাঁৱত আৰক্ষীৰ গুলীত যুৱক এজন আহত হোৱা ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

নৈশ সান্ধ্য আইন চলি থকাৰ সময়তে কাৰিগাঁৱৰ বড়োলেণ্ড নামৰ ধাবা এখনৰ সন্মুখত সংঘটিত হয় এই ঘটনা ৷ আৰক্ষীৰ গুলীত আহত হোৱা যুৱকজনক চিৰাং জিলাৰ পূৱ চামথাইবাৰীৰ প্ৰাজীৱ শীল বসুমতাৰী বুলি জানিব পৰা গৈছে । আৰক্ষীৰ গুলীত বাওঁ ভৰিত আঘাতপ্ৰাপ্ত হোৱা যুৱকজনক নিশাৰ ভাগতে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

ঘটনা সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে শনিবাৰে সদৰি কৰা মতে আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হোৱা প্ৰাজীৱ শীল বসুমতাৰী যোৱা কেইদিনমান পূৰ্বে জিলাখনৰ শ্ৰীৰামপৰত বন্ধন বেংকত সংঘটিত হোৱা ডকাইতিৰ সৈতে জড়িত আছিল ৷ প্ৰাজীৱ শীল বসুমতাৰীসহ ডকাইতি কাণ্ডৰে জড়িত তথা মূল অভিযুক্ত চাৰিজনীয়া যুৱকৰ দলটো শুকুৰবাৰৰ নিশা জিলাখনৰ কাৰিগাঁও এলেকাত ঘুৰি ফুৰা বুলি আৰক্ষীয়ে সম্ভেদ লাভ কৰে ৷

সেইমৰ্মে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ দল এটা অঞ্চলটোত টহল দি থাকোতে যুৱকৰ দলটোৰে মুখামুখি হয় ৷ আৰক্ষীয়ে আটক কৰাৰ চেষ্টা চলোৱাত যুবকৰ দলটো পলায়ন কৰে আৰু পিষ্টলেৰে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰাত প্ৰাজীৱ শীল বসুমতাৰী নামৰ যুবকজন আহত হোৱাৰ বিপৰীতে বাকী তিনিজন পলায়ন কৰিবলৈ সক্ষম হয় ৷

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এখন চাৰিচকীয়া বাহন উদ্ধাৰ কৰা বুলি উল্লেখ কৰে । লগতে পলায়ন কৰা যুৱক কেইজনকো অতিশীঘ্ৰে আটক কৰাৰ বাবে আৰক্ষীয়ে চেষ্টা অব্যাহত ৰখা বুলি জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰি কৰে ৷

সমান্তৰালকৈ গুলীবিদ্ধ হৈ কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা প্ৰাজীৱ শীল বসুমতাৰীয়ে শনিবাৰে সাংবাদিকৰ আগত সদৰি কৰা মতে নিশা আঠ বজাৰ পিছত অৰ্থাৎ সান্ধ্য আইন চলি থকাৰ মাজতে এগৰাকী বন্ধুৰ সৈতে কাৰিগাঁৱৰ বৰ্ষণগাঁৱস্থিত বড়োলেণ্ড ধাবা সংলগ্ন এখন দোকানলৈ তামোল-চিগাৰেট খোৱাৰ উদ্দেশ্যৰে তেওঁলোক গৈছিল ৷ মটৰ চাইকেলখন পথৰ দাঁতিত ৰখাই দোকানলৈ বুলি গৈছিল ৷

ঠিক তেনে সময়তে এখন গাড়ীৰে আহি আৰক্ষীৰ এটা দলে ৰখাই থোৱা মটৰ চাইকেলখন ভালকৈ ৰখাবলৈ নিৰ্দেশ দিয়ে ৷ আৰক্ষীৰ নিৰ্দেশ মৰ্মে তেওঁ মটৰ চাইকেলখন পুনৰ ভালকৈ ৰখাই থোৱাৰ উদ্দেশ্যৰে যায় যদিও সেই মুহূৰ্ততে আৰক্ষীয়ে গুলীয়াই ৷ যুৱকজনৰ মতে আৰক্ষীয়ে তেওঁক কি কাৰণে গুলীয়াইছে সেই বিষয়ে তেওঁ অবগত নহয় ৷ সমগ্ৰ ঘটনাই এতিয়াই ৰহস্যৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনতে । কিন্তু কোন সঁচা কোন মিছা সেয়া সময়তহে লক্ষণীয় হ'ব ।

*LOCATION : কোকৰাঝাৰ BYTE : ৰাকেশ ৰৌশন,আৰক্ষী অধীক্ষক, কোকৰাঝাৰ


লগতে পঢ়ক:ক'ভিডৰ আতংকৰ মাজতে ৰাজ্যজুৰি বিশ্ব শ্ৰমিক দিৱস পালন

ABOUT THE AUTHOR

...view details