অসম

assam

ETV Bharat / state

জুৱা খেল উচ্চেদ কৰিবলৈ গৈ শূন্যলৈ কেইবাজাঁই গুলী চলালে আৰক্ষীয়ে - শূন্যলৈ কেইবাজাঁই গুলী চলালে আৰক্ষীয়ে

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত তথা ধুবুৰী জিলাৰ সীমান্তৱৰ্তী চৈবাৰী চাহ বাগিছাৰ নিউ ডালোৱাবাৰীত জুৱা খেলক কেন্দ্ৰ কৰি দেওবাৰে আৰক্ষী আৰু জুৱাৰীৰ মাজত এক সংঘাতৰ সৃষ্টি হয় ৷

Police fired a few shots at zero
জুৱা খল উচ্চেদ কৰিবলৈ গৈ শূন্যলৈ কেইবাজাঁই গুলী চলালে আৰক্ষীয়ে

By

Published : Jan 31, 2021, 10:22 PM IST

কোকৰাঝাৰ, ৩১ জানুৱাৰী : জুৱা খেলক কেন্দ্ৰ কৰি দেওবাৰে কোকৰাঝাৰত আৰক্ষী আৰু জুৱাৰীৰ মাজত এক সংঘাতৰ সৃষ্টি হয় ৷ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত তথা ধুবুৰী জিলাৰ সীমান্তৱৰ্তী চৈবাৰী চাহ বাগিছাৰ নিউ ডালোৱাবাৰীত সংঘটিত হয় এই ঘটনা ৷

ঘটনা বিৱৰণ অনুসৰি, নিউ ডালোৱাবাৰী অঞ্চলত বহুদিন ধৰি মুকলি ভাবে জুৱাখেল চলি আহিছিল। প্ৰতি দেওবাৰে চলা এই জুৱাখেলখনে অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰাত একাংশ দল সংগঠন আৰু সচেতন ব্যক্তিয়ে জুৱাখেল বন্ধ কৰিবলৈ কোকৰাঝাৰ আৰক্ষীক অৱগত কৰে ।

জুৱা খল উচ্চেদ কৰিবলৈ গৈ শূন্যলৈ কেইবাজাঁই গুলী চলালে আৰক্ষীয়ে

সেই অনুসৰি আৰক্ষীৰ এটি দল জুৱাখেল বন্ধ কৰিবলৈ নিউ ডালোৱাবাৰী অঞ্চলত দেওবাৰে উপস্থিত হয় । প্ৰথমে আৰক্ষীক দেখি জুৱাৰী আৰু জুৱাত অংশগ্ৰহণ কৰা লোকসকল পলায়ন কৰে ৷ কিন্তু কিছু সময় পিছতে জুৱাৰী আৰু জুৱাত অংশগ্ৰহণ কৰা লোকসকল সু-সংগঠিত হৈ আৰক্ষীক আক্ৰমণৰ বাবে উদ্যত হয় । আনকি একাংশ উন্মত লোকে আৰক্ষীৰ দলটোক চাৰিওপিনৰ পৰা ঘেৰি ধৰাত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ।

পিচত উপায়হীন হৈ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ কেইবাজাঁই গুলীচালনা কৰিবলৈ বাধ্য হয় ৷ ইফালে, ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে জুৱাৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক: ৰাজ্যজুৰি উদযাপন পবিত্ৰ মে-ডাম মে-ফী

ABOUT THE AUTHOR

...view details