অসম

assam

ETV Bharat / state

Encounter at Kokrajhar: আৰক্ষীৰ গুলীত আহত চিলনী চোৰ - Assam Police encounter

মঙলবাৰে নিশা কোকৰাঝাৰ জিলাৰ বালাজান তিনিআলিত আৰক্ষীৰ গুলীত আহত হ'ল এটা চিলনী চোৰ (Thief injured in police firing at Kakrajhar)৷ চিলনী চোৰটো বিহাৰৰ বিনয় দাস । নিশা চোৰটোক লৈ এক অভিযান চলোৱাৰ সময়তে আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা চলাইছিল । ভৰিত গুলী লাগে চোৰটোৰ ।

Encounter at Kokrajhar
আৰক্ষীৰ গুলীত আহত চিলনী চোৰ

By

Published : Jul 6, 2022, 10:44 AM IST

Updated : Jul 6, 2022, 1:38 PM IST

কোকৰাঝাৰ,৬ জুলাই : বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । অপৰাধীক দমনৰ বাবে এনকাউণ্টাৰৰ দৰে কিছুমান পদ্ধতিও অৱলম্বন কৰিছে আৰক্ষীয়ে । এইবাৰ পুনৰ কোকৰাঝাৰত অসম আৰক্ষীৰ এনকাউণ্টাৰ (Assam Police encounter)। কোকৰাঝাৰ আৰক্ষীৰ গুলীত আহত হ'ল চিলনী চোৰ ।

ঠিকাদাৰৰ পৰা ছয় লাখ টকা লুট কৰি নিছিল চিলনী চোৰটোৱে ৷ মঙলবাৰে মাজ নিশা কোকৰাঝাৰ জিলাৰ বালাজান তিনিআলিত সংঘটিত হৈছে এই এনকাউণ্টাৰ (Police encounter at Kokrajhar)৷ আৰক্ষীৰ গুলীত আহত হোৱা চিলনী চোৰটো বিহাৰৰ কাটিহাৰৰ বিনয় দাস বুলি জানিব পৰা গৈছে ৷

আৰক্ষীৰ গুলীত আহত চিলনী চোৰ

উল্লেখ্য যে, বিনয় দাসে তেওঁৰ সহযোগীৰ সৈতে যোৱা ২২ জুনত কোকৰাঝাৰ এক্সিছ বেংকৰ সন্মুখত এজন ঠিকাদাৰৰ পৰা ৬ লাখ টকা লুট কৰি নিছিল । গুৱাহাটীৰ পানবজাৰ এলেকা আৰু মেঘালয়ৰ বৰ্ণিহাটৰ পৰাও একেদৰে টকা লুট কৰিছিল বিনয় দাস নামৰ চিলনী চোৰটোৱে । অৱশ্যে বৰ্ণিহাটত ৰাইজে খেদি খেদি চোৰটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

চোৰটোক প্ৰথমে মেঘালয় আৰক্ষীৰ পৰা গুৱাহাটীৰ পানবজাৰ আৰক্ষীয়ে লৈ অহাৰ পাছত যোৱা ২ জুলাইত পানবজাৰ আৰক্ষী থানাৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে চিলনী চোৰটোক নিজৰ জিম্মালৈ আনে । ইফালে চিলনী চোৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে মঙলবাৰে নিশা জিলাখনৰ বালাজান তিনিআলিত ঠিকাদাৰৰ পৰা লুট কৰি নিয়া টকাৰ খালি বেগটো উদ্ধাৰ কৰে ৷

বেগটো উদ্ধাৰৰ পাছতে উভতি অহাৰ পথত বিনয় দাসে আৰক্ষী পৰিদৰ্শক আমিৰুল হুছেইনৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা চলায় । তেতিয়াই আৰক্ষীয়ে বাধ্য হৈ গুলীচালনা কৰাত ভৰিত গুলী লাগে চিলনী চোৰ বিনয় দাসৰ । গুৰুতৰভাৱে আহত বিনয় দাসক পিছত আৰক্ষীয়ে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰায় ৷

লগতে পঢ়ক :আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক উপযুক্ত শাস্তি দিলেহে সুখী হম: কীৰ্তিকমল বৰা

Last Updated : Jul 6, 2022, 1:38 PM IST

ABOUT THE AUTHOR

...view details