অসম

assam

By

Published : Mar 28, 2021, 9:44 PM IST

ETV Bharat / state

কোকৰাঝাত সদৰ আৰক্ষীৰ সজাগতামূলক পদযাত্ৰা

দেওবাৰে কোকৰাঝাৰ সদৰ আৰক্ষীয়ে কোকৰাঝাৰ চহৰত এক সজাগতামূলক পদযাত্ৰা উলিয়ায় ৷ বিটিআৰৰ আৰক্ষী মহাপৰিদৰ্শক ড° এলআৰ বিষ্ণৰ নেতৃত্বত উলিওৱা সজাগতামূলক পদযাত্ৰাত আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে পথে পথে ভোটাৰ ৰাইজৰ সুবিধা-অসুবিধাৰ বুজ লয় । লগতে কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ পালে বা যিকোনো অসুবিধাৰ সন্মুখীন হ’লে আৰক্ষীক অৱগত কৰিবলৈও ৰাইজ আহ্বান জনায় ৷

কোকৰাঝাত সদৰ আৰক্ষীৰ সজাগতামূলক পদযাত্ৰা
কোকৰাঝাত সদৰ আৰক্ষীৰ সজাগতামূলক পদযাত্ৰা

কোকৰাঝাৰ,28 মাৰ্চ: তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে দেওবাৰে কোকৰাঝাৰ সদৰ আৰক্ষীয়ে কোকৰাঝাৰ চহৰত এক সজাগতামূলক পদযাত্ৰা উলিয়ায় ৷ বিটিআৰৰ আৰক্ষী মহাপৰিদৰ্শক ড° এলআৰ বিষ্ণৰ নেতৃত্বত উলিওৱা সজাগতামূলক পদযাত্ৰাত আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে পথে পথে ভোটাৰ ৰাইজৰ সুবিধা-অসুবিধাৰ বুজ লয় । লগতে কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ পালে বা যিকোনো অসুবিধাৰ সন্মুখীন হ’লে আৰক্ষীক অৱগত কৰিবলৈ ৰাইজ আহ্বান জনায় ৷

কোকৰাঝাত সদৰ আৰক্ষীৰ সজাগতামূলক পদযাত্ৰা

ইফালে, বিটিআৰৰ আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে সংবাদমাধ্যমৰ আগত সদৰি কৰা মতে বিটিআৰ অঞ্চলত প্ৰায় ৩৫০০ টা ভোট গ্ৰহণ কেন্দ্ৰ আছে ৷ ইয়াৰে ৯৬ শতাংশ ভোট গ্ৰহণ কেন্দ্ৰ গাঁও অঞ্চলত অৱস্থিত । লগতে ইয়াৰে প্ৰায় ৫০০ টা ভোট গ্ৰহণ কেন্দ্ৰ সংবেদনশীল বুলি সদৰী কৰে ৷ আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে নিৰ্বাচন কালিন সময়ছোৱাত কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'বলৈ দিয়া নহব বুলিও মন্তব্য কৰে ।

কোকৰাঝাত সদৰ আৰক্ষীৰ সজাগতামূলক পদযাত্ৰা

উল্লেখ্য যে, আইন শৃংখলাজনিত পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বৰ্তমান বিটিআৰ অঞ্চলত ২৫ টা নিৰাপত্তাৰক্ষীৰ কোম্পানী সাজু আছে ৷ ইয়াৰোপৰি নিৰ্বাচনৰ আগে আগে আৰু ৮০ টা নিৰাপত্তাৰক্ষীৰ কোম্পানী আহি পাব বুলি সদৰী কৰে আৰক্ষী মহাপৰিদৰ্শক ড° এল আৰ বিষ্ণই ৷

কোকৰাঝাত সদৰ আৰক্ষীৰ সজাগতামূলক পদযাত্ৰা

আনহাতে, কোকৰাঝাৰ সদৰ আৰক্ষীৰ এই সজাগতামূলক পদযাত্ৰাত জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোশান, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভা, অতিৰিক্ত আৰক্ষী অধীক্ষক ( নিৰাপত্তা ) ৰজী ৰাণী শৰ্মা, উপ-আৰক্ষী অধীক্ষক পুনমজিৎ নাথকে ধৰি জিলাখনৰ বিভিন্ন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:প্ৰথম পৰ্যায়ত উজনিৰ আটাইকেইখন জিলাতে পোনপটীয়া যুঁজ..

ABOUT THE AUTHOR

...view details