কোকৰাঝাৰ, 31 মে': দেওবাৰে কোকৰাঝাৰ বন বিভাগৰ লোকে উল্টাপানী বন সীমাৰ অন্তৰ্গত 6 নং লুংসুং লাওপানী এলেকাৰ পৰা হৰিণসহ তিনিজন অভিযুক্ত চোৰাং চিকাৰীক আটক কৰে ৷ বন বিভাগৰ তথ্য অনুসৰি, উল্টাপানী আৰু গৌৰাং ৰেঞ্জ কাৰ্যালয়ৰ একাংশ বিষয়াৰ তত্বাৱধানত যোৱা এটা দলে আটক কৰে অভিযুক্ত চোৰাং চিকাৰী কেইজনক ৷ চিকাৰী কেইজন আটক কৰাৰ লগতে দলটোৱে এটা মৃত হৰিণো উদ্ধাৰ কৰে ৷
মৃত হৰিণ আৰু কেইবাটাও অস্ত্ৰসহ আটক অভিযুক্ত চোৰাং চিকাৰী - কোকৰাঝাৰ বন বিভাগ
উল্টাপানী আৰু গৌৰাং ৰেঞ্জ কাৰ্যালয়ৰ একাংশ বিষয়াৰ তত্বাৱধানত অভিযান চলোৱা একাংশ লোকে, উল্টাপানী বন সীমাৰ অন্তৰ্গত 6 নং লুংসুং লাওপানী এলেকাৰ পৰা হৰিণসহ তিনিজন অভিযুক্ত চোৰাং চিকাৰীক আটক কৰে ৷
![মৃত হৰিণ আৰু কেইবাটাও অস্ত্ৰসহ আটক অভিযুক্ত চোৰাং চিকাৰী poachers nabbed along with hunted deer in kokrajhar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7419384-1078-7419384-1590920289980.jpg)
poachers nabbed along with hunted deer in kokrajhar
মৃত হৰিণ আৰু কেইবাটাও অস্ত্ৰসহ আটক অভিযুক্ত চোৰাং চিকাৰী
উল্লেখ্য চিকাৰী কেইজনৰ পৰা দুটা হস্ত নিৰ্মিত বন্দুকৰ লগতে জাল, চোকা অস্ত্ৰ আদিও উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন বিভাগৰ লোকে ৷ আটকাধীন লোককইজন চিব্ৰাই চোৰেণ, ভাৰত হেম্ব্ৰাম আৰু জালেম ইছলাৰী বুলি চিনাক্ত কৰা হৈছে ৷