অসম

assam

ETV Bharat / state

কোকৰাঝাৰত আটক চোৰাং চিকাৰীসহ ভূমি বেদখলকাৰী - চিৰাং বনবিভাগ

চিৰাং বনবিভাগৰ ৰেঞ্জাৰ ধীৰেন্দ্ৰ নাথ ব্ৰহ্মৰ নেতৃত্বত চলোৱা অভিযানত আটক হোৱা তিনি চোৰাং চিকাৰী হৈছে ক্ৰমে কদোষ তুডু, বিনোদ চৰেন,শুক্ল হেম্ভ্ৰম আৰু দুই বেদখলকাৰী হৈছে হাৰমা মাৰদী আৰু বিষ্ণু মাৰদী ৷

কোকৰাঝাৰত আটক চোৰাং চিকাৰী

By

Published : Nov 10, 2019, 4:59 PM IST

কোকৰাঝাৰ, 10 নৱেম্বৰ: কোকৰাঝাৰত চোৰাং চিকাৰীৰ বিৰুদ্ধে বনবিভাগৰ অভিযান ৷ অভিযানত শনিবাৰে নিশা চিৰাং বনাঞ্চলৰ পৰা আটক তিনি চোৰাং চিকাৰী ৷ লগতে অভিযানকাৰী দলটোৱে আটক কৰিবলৈ সক্ষম হয় দুই ভূমি বেদখলকাৰীক ৷

চিৰাং বনবিভাগৰ ৰেঞ্জাৰ ধীৰেন্দ্ৰ নাথ ব্ৰহ্মৰ নেতৃত্বত চলোৱা অভিযানত আটক হোৱা তিনি চোৰাং চিকাৰী হৈছে ক্ৰমে কদোষ তুডু, বিনোদ চৰেন,শুক্ল হেম্ভ্ৰম আৰু দুই বেদখলকাৰী হৈছে হাৰমা মাৰদী আৰু বিষ্ণু মাৰদী ।

কোকৰাঝাৰত আটক চোৰাং চিকাৰী

উল্লেখযোগ্য যে, হুলটোগাঁও বনমণ্ডলৰ অধীনত চিৰাং, উল্টাপানী বনাঞ্চলত ব্যাপক বনধ্বংস অভিযান চলাই আছে একাংশ দুষ্ট চক্ৰই । বিগত বহু বছৰ ধৰি বনাঞ্চলৰ মাটি বেদখল কৰাৰ লগতে মূল্যবান গছ-গছনিকে ধৰি জন্তু চিকাৰ কৰি ধ্বংস যজ্ঞ চলাই আহিছে বেদখলকাৰীসকলে ।

ABOUT THE AUTHOR

...view details