অসম

assam

বিটিআৰ চুক্তিৰ সফলতাৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

By

Published : Feb 4, 2020, 9:35 PM IST

বিটিআৰ চুক্তিৰ সফলতাৰ বাবেই কোকৰাঝাৰৰ জংখ্ৰীঠাই পথাৰত আয়োজন কৰা হৈছে বিজয় উৎসৱ ৷ 7 ফেব্ৰুৱাৰীত এই উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ইতিমধ্যে নেদাৰ আহ্বায়ক তথা অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে অধিৱেশনস্থলী পৰ্যবেক্ষণ কৰে ৷ অধিৱেশনক লৈ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সমগ্ৰ কোকৰাঝাৰ চহৰত ৷

PM Narendra Modi will take participate at Kokrajahar vijay utsav
বিটিআৰ চুক্তিৰ সফলতাৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

কোকৰাঝাৰ,4 ফেব্ৰুৱাৰীঃ 27 জানুৱাৰীত স্বাক্ষৰিত কৰা হয় তৃতীয় বড়ো শান্তি চুক্তি ৷ আনহাতে, অহা 7 ফেব্ৰুৱাৰীত অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ বিটিআৰ চুক্তিৰ সফলতাৰ বাবেই কোকৰাঝাৰৰ জংখ্ৰীঠাই পথাৰত আয়োজন কৰা হৈছে বিজয় উৎসৱ ৷ 7 ফেব্ৰুৱাৰীত এই উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ বিগত সময়ছোৱাত অসমত অব্যাহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ বাবে অসম ভ্ৰমণ বাতিল কৰিবলৈ বাধ্য হৈছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ইতিমধ্যে নেদাৰ আহ্বায়ক তথা অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে অধিৱেশনস্থলী পৰ্যবেক্ষণ কৰে ৷ অধিৱেশনখনত 5 লাখতকৈ অধিক লোক সমবেত হোৱাৰ আশংকা কৰা হৈছে বুলি ব্যক্ত কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ৷ ইতিমধ্যে চাৰিখন বিশেষ ৰে’লৰো ব্যৱস্থা কৰা হৈছে ৷

বিটিআৰ চুক্তিৰ সফলতাৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীয়ে সাংবাদিকৰ আগত কয় যে, বিজেপি চৰকাৰে শান্তিৰ বাবে বড়োসকলৰ সমস্যাসমূহ সমাধান কৰিছে ৷ যাৰ বাবে আজি সমগ্ৰ বড়ো ৰাইজে প্ৰদানমন্ত্ৰীগৰাকীক আদৰিবলৈ আপেক্ষাৰত হৈ আছে ৷ এই চুক্তি কেৱল বড়োসকলৰ বাবেই নহয় সমগ্ৰ জনজাতিৰ সমান্তৰাল উন্নয়নৰ বাবে বুলি কয় প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ইউ জি ব্ৰহ্মই ৷ আনহাতে, অধিৱেশনক লৈ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সমগ্ৰ কোকৰাঝাৰ চহৰত ৷

লগতে পঢ়ক-অসম সাহিত্য সভাত হিন্দী গানকলৈ বিতৰ্ক, প্ৰতিক্ৰিয়া প্ৰাক্তন সভাপতি ইমৰান শ্বাহৰ

ABOUT THE AUTHOR

...view details