অসম

assam

ETV Bharat / state

শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ মহাৰজত জয়ন্তী - শক্তিআশ্ৰম কাৰিকৰী বিদ্যালয়ৰ মহাৰজত জয়ন্তী

Platinum Jubilee: ৭৫ বছৰ গৰকা শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ আৰম্ভ (Shakti Ashram Higher Secondary and Technical School) ৷ ৭৫ খনকৈ পতাকা একেলগে উত্তোলন ৷ ইয়াৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন খেল ধেমালি, চিত্ৰাংকন, তৰ্ক, আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

Shakti ashram Higher Secondary and Technical School
শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 8:32 PM IST

কোকৰাঝাৰ, ২০ ডিচেম্বৰ :৭৫ বছৰ গৰকা শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ আজিৰে পৰা আৰম্ভ হৈছে ৷ বুধবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে বিদ্যালয়খনৰ মহাৰজত জয়ন্তী ৷ আজি পুৱা বিদ্যালয়ৰ পতাকা উত্তোলনেৰে মহাৰজত জয়ন্তী উদযাপনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অধ্যক্ষ লক্ষণ চন্দ্ৰ দাসে ৷ মহাৰজত জয়ন্তী পতাকা উত্তোলন কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ই ৷ ইয়াৰ সমান্তৰালভাৱে মহাৰজত জয়ন্তী উপলক্ষে ৭৫ খনকৈ পতাকা একেলগে উত্তোলন কৰা হয় ৷

ইয়াৰ পিচতে মহাৰজত জয়ন্তীৰ স্মাৰক উন্মোচন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হয় ৷ সেই অনুসৰি স্বামী যোগানন্দগিৰিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ড৹পৰেশ চন্দ্ৰ ৰায়ে ৷ শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত জীতেন্দ্ৰ নাথ ৰায়ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে চিথিলা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বীৰেন্দ্ৰ ৰায়ে ৷ প্ৰতিষ্ঠাপক উপাধ্যক্ষ কৃষ্ণ মোহন অধিকাৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে শক্তিআশ্ৰম পৰিচালনা সমিতিৰ সভাপতি গৰিন্দ্ৰ নাৰায়ণ ৰায়ে ৷ ইয়াৰ পিছতে প্ৰয়াত শিক্ষক সকলৰ সোঁৱৰণত শ্ৰদ্ধা নিবেদন আৰু বন্তি প্ৰজ্বলন কাৰ্যসুচীৰ শুভাৰম্ভ কৰে বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ণ সমিতিৰ উপ-সভাপতি লম্বোদৰ ৰায়ে ৷

ইপিনে,পুৱা ১১ বজাত প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ উপাধ্যক্ষ তোজাম্মেল হকে ৷ ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ মাজত খেল-ধেমালি, চিত্ৰাংকন,তৰ্ক, আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ সন্ধিয়া ৬ বজাত ৭৫ গছি বন্তি প্ৰজ্বলন আৰু সন্ধিয়া ৭ বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয় ৷

কাইলৈ পুৱা বৃক্ষৰোপণৰে মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব ৷ উল্লেখ্য যে ২২ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, সন্মানীয় অতিথিৰূপে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো,মন্ত্ৰীদ্বয় ডা৹ৰণোজ পেগু আৰু জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকিব ৷

লগতে পঢ়ক:অসমৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত কি ক’লে অভিনেত্ৰী উৰ্ৱশী ৰৌতেলাই শুনক

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details