অসম

assam

By

Published : Aug 13, 2020, 6:06 PM IST

ETV Bharat / state

এন চি চিৰ 7 নং বেটেলিয়ানৰ উদ্যোগত কোকৰাঝাৰত বৃক্ষৰোপন কাৰ্যসূচী

বুধবাৰে কোকৰাঝাৰ জিলাৰ বেদলাংমাৰী অঞ্চলত এক বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰে ৷ অঞ্চলটোৰ নিকটৱৰ্তী কেইবাটাও অঞ্চলত 10 হাজাৰৰো অধিক ফল আৰু ভিন্ন গছপুলি ৰোপন কৰে 7 নং বেটেলিয়ানে ৷

বৃক্ষৰোপন কাৰ্যসূচী
বৃক্ষৰোপন কাৰ্যসূচী

কোকৰাঝাৰ, 13 আগষ্ট: এন চি চিৰ 7 নং বেটেলিয়ানে বুধবাৰে কোকৰাঝাৰ জিলাৰ বেদলাংমাৰী অঞ্চলত এক বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰে ৷ লগতে অঞ্চলটোৰ নিকটৱৰ্তী কেইবাটাও অঞ্চলত 10 হাজাৰৰো অধিক ফল আৰু ভিন্ন গছপুলি ৰোপন কৰে ৷ আম, আনাৰস, কঁঠাল, জলপাই, জাম, আমলখি, লেটেকু, লিচু দিৰ দৰে ভিন্ন ফলৰ পুলি ৰোপন কৰে তেওঁলোকে ৷

এন চি চিৰ 7 নং বেটেলিয়ানৰ উদ্যোগত কোকৰাঝাৰত বৃক্ষৰোপন কাৰ্যসূচী

অসমৰ সমাজকল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মইয়ো এই বৃক্ষৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ মন্ত্ৰী গৰাকীয়ে বৃহত্তৰ অঞ্চলটোত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰি ৰাইজৰ মাজত এন চি চিৰ 7 নং বেটেলিয়ানে প্ৰকৃতিৰ প্ৰতি সজাগতা প্ৰদান কৰাৰ চেষ্টাক আদৰণি জনায় ৷

বৃক্ষৰোপন কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মও

এন চি চিৰ কামাণ্ডিং বিষয়া কৰ্ণেল নিৰজ বাক্সীয়ে কয় যে, বেটেলিয়ানে স্বাধীনতা দিৱসৰ পূৰ্বে অঞ্চলসমূহত বৃক্ষৰোপন আৰু বনাঞ্চল সংৰক্ষণৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে ৷ ইয়াৰোপৰি সেই অঞ্চলৰ নিকটৱৰ্তী গাঁৱৰ গাঁওবুঢ়া সকলে বেটেলিয়ানে যোগান ধৰা 12,000 গছপুলি ৰোপন কৰিব বুলিও উল্লেখ কৰে তেওঁ ৷

লগতে পঢ়ক:বাক্সাত অনুষ্টুপীয়াকৈ পালন কৰা হ'ব 74 সংখ্য়ক স্বাধীনতা দিৱস

ABOUT THE AUTHOR

...view details