অসম

assam

ETV Bharat / state

এনডিএফবি(প্ৰ) বিভাজনৰ পিছত পিজেএচিবিএমৰ মাজতো ভাঙোন অহাৰ ইংগিত - অন্যতম অৰাজনৈতিক বড়ো জাতীয় সংগঠন পিজেএচিবিএমৰ মাজত সম্প্ৰতি

পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবীত সংগ্ৰাম চলাই যোৱ অন্যতম অৰাজনৈতিক বড়ো জাতীয় সংগঠন পিজেএচিবিএমৰ মাজত সম্প্ৰতি আভ্যন্তৰীণ সংঘাতৰ ফলত সংগঠনটো এনডিএফবিৰ (প্ৰ) দৰেই দুভাগত সমানে বিভক্ত হোৱাৰ পূৰ্ন সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

PJACBM PRESS MEET

By

Published : Sep 20, 2019, 10:33 PM IST

কোকৰাঝাৰ ২০ চেপ্তেম্বৰ : শুকুৰবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত পিজেএচিবিএমৰ নেতৃবিন্দই সম্বোধন কৰা এখন সংবাদমেলত বিভাজনৰ স্পষ্ট ইংগিত পোৱা গৈছে ৷ পিজেএচিবিএমৰ মুখ্য আহবায়ক ৰাকেশ বড়োৰ ভূমিকাত ক্ষুন্ন হৈ সংগঠনটোৰ উপমুখ্য আহ্বায়ক গৰ্জেন মুছাহাৰীয়ে সংবাদমেলত কয় যে, জাতীৰ স্বাৰ্থত পিজেএচিবিএমে সদায় একত্ৰিতভাৱে সংগ্ৰাম কৰি আহিছে আৰু কৰি যাব৷ শেহতীয়াকৈ এনডিএফবিৰ (প্ৰ) মাজত দেখা দিয়া ভাঙোনমুখী পৰিস্থিতিক লৈ পিজেএচিবিএমে এটা গোটক সমৰ্থন বা সহযোগিতা আগবঢ়াইছে বুলি চৰ্চিত হৈছে৷ এই সন্দৰ্ভত মুছাহাৰীয়ে নিজৰ স্থিতি স্পষ্ট কৰি দি কয় যে, প্ৰকৃততে পিজেএচিবিএম কাৰো পক্ষত থিয় হোৱা নাই ৷ এনডিএফবিৰ (প্ৰ) ধীৰেন বড়োই হওঁক নতুবা গোবিন্দ বসুমতাৰীয়েই হওঁক দুয়োটা শিবিৰক তথা নেতা দ্বয়ক একত্ৰিতভাৱে থকাটো পিজেএচিবিএমে কামনা কৰে ৷ সেইবাবেই পিজেএচিবিএমৰ নেতৃবিন্দই ধীৰেন বড়ো আৰু গোবিন্দ বসুমতাৰীক পৃথকে পৃথকে সাক্ষাৎ কৰিছিল যদিও অতি দুৰ্ভাগ্যজনকভাৱে সাক্ষাতৰ পিছতো আশানুৰূপ সহাৰি পোৱা নগল ৷

PJACBM PRESS MEET

মুছাহাৰীয়ে সংবাদমেলত উল্লেখ কৰা অনুসৰি, বহিস্কৃত এনডিএফবি (প্ৰ) সভাপতি ধীৰেন বড়ো ওৰফে বি সুংথ্ৰাগ্ৰাক যদিহে পুনৰাই সভাপতি পদত অধিষ্ঠিত কৰি গোবিন্দ বসুমতাৰীক সাধাৰন সম্পাদকৰ পদবী দিয়ে তেন্তে ধীৰেন বড়ো পুনৰ সংগঠনটোলৈ প্ৰত্যাৱৰ্তনৰ বাবে সাজু বুলি জানিবলৈ দিছে৷ অৱশ্যে এইক্ষেত্ৰত গোবিন্দ বসুমতাৰী অথবা পিজেএচিবিএমৰ মুখ্য আহবায়ক ৰাকেশ বড়োৰ তৰফৰ পৰা কোনো ধৰনৰ বিশেষ বাৰ্তা পোৱা নগ'ল বুলি তীব্ৰ আক্ষেপ প্ৰকাশৰে তাৰ পৰিৱৰ্তে ওলটাই সন্দেহৰ বশবৰ্ত্তী হৈ পিজেএচিবিএমৰ মুখ্য আহবায়ক গৰাকীয়ে যোৱা ২৩ চেপ্তেম্বৰত গৰ্জন মুছাহাৰী, ধনেশ্বৰ বসুমতাৰী, যোগেন বসুমতাৰী আৰু প্ৰবীন বসুমতাৰলৈ কাৰণ দৰ্শোৱাৰ জাননি জাৰি কৰিছে ৷ এয়া সংগঠনৰ লগতে বড়ো জাতিৰ বাবে অতি পৰিতাপৰ বিষয় আৰু অগনতান্ত্ৰিক তথা দায়িত্ব জ্ঞানহীন কাৰ্য হিচাপে বিবেচিত হৈছে বুলি ক্ষোভ উজাৰে মুছাহাৰীয়ে ৷

গতিকে এই সন্দৰ্ভত পিজেএচিবিএমৰ মুখ্য আহবায়ক গৰাকীয়ে কিহৰ ভিত্তিত কাৰন দৰ্শোৱাৰ জাননী জাৰি কৰিলে সেয়া ৰাজহুৱা কৰিবলৈকো আহবান জনাইছে গৰ্জন মুছাহাৰীয়ে ৷ ইপিনে পিজেএচিবিএমৰ কেন্দ্ৰীয় আহবায়ক ধনেশ্বৰ বসুমতাৰীয়ে সংবাদমেলযোগে মুখ্য আহবায়ক ৰাকেশ বড়োক উদ্দেশ্যি প্ৰশ্ন উত্থাপন কৰি কয় যে, যিহেতু পিজেএচিবিএম এতিয়ালৈও বিভাজিত হোৱা নাই সেই দৃষ্টিকোনৰ পৰা কাৰন দৰ্শোৱাৰ জাননী পুনৰ প্ৰত্যাহাৰ কৰাৰ বাবে বিনম্ৰভাৱে আহবান জনাই ২৪ ঘন্টা সময়সীমা নিৰ্ধাৰণ কৰি দিছে ৷ ইমানেই নহয়, যদিহে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কোনো ধৰনৰ সিদ্ধান্ত গ্ৰহন নকৰে তেতিয়াহলে অতি ক্ষীপ্ৰতাৰে বিকল্প ব্যৱস্থা গ্ৰহন কৰিবলৈ বাধ্য হ'ব বুলি একপ্ৰকাৰ সকিয়াই দিছে ধনেশ্বৰ বসুমতাৰীয়ে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details