কোকৰাঝাৰ,২৩ আগষ্ট: কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী তথা ধুবুৰী জিলাৰ বিলাসীপাৰা পূৱ সমষ্টিৰ অন্তৰ্গত টিলাপাৰা খুদীগাঁৱ খণ্ড ২ ত APDCL ৰ অধীনত সৌৰ প্ৰকল্পৰ মাটি আৱন্টনৰ নামত অঞ্চলটোৰ চৰকাৰী ভূমিত বসবাস কৰা ৰাইজক ভূমি খালি কৰাৰ নিৰ্দেশ দিছিল প্ৰশাসনে (Order for eviction)৷ ইয়াকে লৈ কোকৰাঝাৰ-ধুবুৰী সীমান্তত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ (People protest at Dhubri border in Kokrajhar) ৷
দীৰ্ঘদিন ধৰি বসবাস কৰি অহা গাঁওখনত চাৰে তিনি হেজাৰ ধৰ্মীয় সংখ্যালঘু পৰিয়ালক যোৱা তিনিদিন ধৰি প্ৰশাসনে ভূমি ত্যাগ তথা ঘৰ খালি কৰাৰ নিৰ্দেশ দিয়াক লৈ মঙলবাৰে টিলাপাৰাত তীব্ৰ প্ৰতিবাদত নামি পৰিল সহস্ৰাধিক গঞা ৰাইজ (Public protest in Kokrajhar) ৷ আনকি প্ৰতিবাদী গঞাই ধুবুৰীৰ সাংসদ বদৰউদ্দিন আজমল আৰু বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক ছামছুলা হুদা আৰু বিজেপি চৰকাৰ বিৰুদ্ধে শ্লোগান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Protests against BJP govt) ৷
গাঁওবাসীৰ অভিযোগ, প্ৰশাসনে উচ্ছেদৰ পূৰ্বে তেওঁলোকক থাকিবলৈ বিকল্প মাটি আৰু ঘৰ বনাই দিয়ক । অন্যথা তেওঁলোকে নিজৰ ভূমি ত্যাগ নকৰে ৷ আনহাতে বিলাসীপাৰা পূৱ বিধানসভা সমষ্টিৰ বিধায়ক ছামছুল হুদা আৰু ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে সমস্যা জৰ্জৰিত দুৰ্ভগীয়া লোকসকলৰ কোনোধৰণৰ খা-খবৰ নোলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷