অসম

assam

ETV Bharat / state

এখন বাঁহৰ দলঙে জীয়াতু ভোগাইছে কোকৰাঝাৰবাসীক - জীয়াতু ভুগিছে অঞ্চলবাসীয়ে

মডেল বিটিচিৰ নগ্ন স্বৰূপ উদঙাইছে কোকৰাঝাৰৰ এখন বাঁহৰ দলঙে ৷ এখন বাঁহৰ দলঙেৰে বছৰ বছৰ ধৰি যাতায়াত কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ৷

এখন বাঁহৰ দলঙে জীয়াতু ভোগাইছে কোকৰাঝাৰবাসীক

By

Published : Jul 5, 2019, 12:45 PM IST

কোকৰাঝাৰ,5 জুলাই: এই দৃশ্য বিটিচি সদৰ চহৰ কোকৰাঝাৰৰ পৰা কেৱল 5 কিঃমিঃ নিলগত থকা কমলাসৰা গাঁৱৰ ৷ এই কমলাসৰা গাঁওৰ এখন নদীৰ ওপৰেদি যোৱা এখন বাঁহৰ দলঙেৰে যাতায়াত কৰে পাঁচখন গাঁৱৰ ৰাইজে ৷ চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিয়ে ঢুকি নোপোৱা এই অঞ্চলটোৰ ৰাইজৰ জীৱনলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে এই দলংখনে ৷ কোন সময়ত খহি পৰে তাৰ ঠিক নাই,তথাপিও গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচি গঠনৰ ডাঙৰ ডাঙৰ শ্লোগান সমূহ যে মিথ্যাচাৰত পৰিণত হৈছে অঞ্চলটোত সেয়া প্ৰমাণ কৰিছে এই দলঙখনে ৷

এখন বাঁহৰ দলঙে জীয়াতু ভোগাইছে কোকৰাঝাৰবাসীক

এখন পকী দলং বাদেই, ৰাইজে নিজৰ গাঠিৰ ধন ভাঙি এই বাঁহৰ দলংখন নিৰ্মাণ কৰি লৈছে ৷ যিকোনো মুহূৰ্তত দুৰ্ঘটনা ঘটিব পাৰে যদিও, বছৰ বছৰ দিন ধৰি অঞ্চলটোৰ পাঁচখন গাঁও ক্ৰমে বৰুৱাপৰা,চেঁচাপানী,নেপালী বস্তি,বড়ো বস্তি আৰু কোমলাচৰা গাঁওবাসীয়ে দৈনিক নিজৰ জীৱনটো হাতত লৈ এই দলংখনৰ ওপৰেদিয়েই পাৰ হ'বলগীয়া হৈছে ৷ নিৰ্বাচনৰ সময়ত উন্নয়নৰ ফটা ঢোল বজোৱা ৰাজনৈতিক নেতাসকলেও নিৰ্বাচন পাৰ হোৱাৰ পিছত পাহৰি যায় জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি ৷

ABOUT THE AUTHOR

...view details